চৌদি প্ৰ’ লীগৰ অন্তৰ্গত আল নাছৰ বনাম আল-শ্বাবাবৰ মাজত হোৱা খেল লাইভ চোৱাৰ সম্পূৰ্ণ তথ্য।

Table of Contents
বিশ্ববিখ্যাত ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডো (Cristiano Ronaldo)ৰ দল আল নাছৰ পুনৰ খেলপথাৰত নামিব, য’ত তেওঁলোক আল-শ্বাবাবৰ মুখামুখি হ’ব। যদিও আল নাছৰৰ দলে ৰোনাল্ডোকে লৈ খেলিছে, তথাপি দলটো লিগ তালিকাত উচ্চ স্থান লাভ কৰাৰ বাবে ল’ৰচৰ কৰি আছে। বৰ্তমান দলটো চতুৰ্থ স্থানত আছে আৰু শেহতীয়াকৈ হেৰুৱা খেলৰ পাছত আজি বিজয় লাভ কৰিবলৈ চেষ্টা কৰিব। যদি আল নাছৰে আজিৰ ৰাতিৰ খেলত জয়লাভ কৰে, তেন্তে দলটোৰ মুঠ পইন্ট ৫০ হ’ব আৰু চৌদি প্ৰ’ লীগ (SPL) তালিকাৰ শীৰ্ষ তিনি দলৰ ওচৰলৈ গতি কৰিব।
কেতিয়া হ’ব আল নাছৰ বনাম আল-শ্বাবাবৰ খেল?
এই খেল ৮ মাৰ্চ ২০২৫, শনিবাৰে অনুষ্ঠিত হ’ব। খেল ১২:৩০ AM (IST)ত আৰম্ভ হ’ব।
ক’ত অনুষ্ঠিত হ’ব আল নাছৰ বনাম আল-শ্বাবাবৰ খেল?
এই খেল আল -আৱাল পাৰ্ক ষ্টেডিয়াম (Al -Awwal Park Stadium)ত অনুষ্ঠিত হ’ব।
ভাৰতত ক’ত লাইভ টেলিকাষ্ট হব?
ভাৰতীয় দর্শকে Sports18 Network চেনেলত লাইভ টেলিকাষ্ট চাব পাৰিব।
ভাৰতত ক’ত লাইভ ষ্ট্ৰিমিং চাব পাৰিব?
ভাৰতত এই খেল Sony LIV এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰিমিং হ’ব।
UK-ৰ দর্শকে ক’ত চাব পাৰিব?
ইউনাইটেড কিংডমৰ ফুটবল প্ৰেমীকলে DAZNত লাইভ খেল উপভোগ কৰিব পাৰিব।
USA-ৰ দর্শকে ক’ত চাব পাৰিব?
আমেৰিকাৰ দর্শকে Fubo আৰু Fox Sports ৱেবছাইটত এই খেল লাইভ চাব পাৰিব।
Leave a Reply