JEE Main 2025 পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA) ৰেজিস্ট্ৰেশ্বন আৰম্ভ কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ তালিকাও প্রকাশ কৰিছে। তালিকা পৰীক্ষাৰ অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in ত উপলব্ধ।

Table of Contents
JEE Main 2025 পৰীক্ষা পঞ্জীয়ন
JEE Main 2025 প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত ইয়াৰ উত্তৰ সূচীও মুকলি কৰিছে। এই পৰীক্ষা 2025 চনৰ জানুৱাৰী মাহৰ 22, 23, 24, 28, 29, আৰু 30 তাৰিখে অনুষ্ঠিত হৈছিল। মুঠ 11 টা শ্বিফটত লাখ লাখ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। এতিয়া NTA য় JEE Main ৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে ৰেজিস্ট্ৰেশ্বন আৰম্ভ কৰিছে। এই পৰীক্ষা 2025 চনৰ এপ্ৰিল 1 ৰ পৰা 8 তাৰিখলৈ অনুষ্ঠিত হ’ব। পঞ্জীয়নৰ সময়সীমা 1 ফেব্ৰুৱাৰী 2025 ৰ পৰা 25 ফেব্ৰুৱাৰী 2025 লৈ।
ইয়াৰ লগতে NTA য় JEE Main পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা কেন্দ্ৰবোৰৰ তালিকা প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে ফৰ্ম পূৰণ কৰাৰ পূৰ্বে এই তালিকা চোৱা উচিত।
JEE Main পৰীক্ষাৰ তালিকা আৰু City Intimation Slipৰ মাজত পাৰ্থক্য
JEE Mainৰ প্ৰাৰ্থীসকলে চিটী ইনটিমেচন স্লিপ (City Intimation Slip) আৰু পৰীক্ষাৰ তালিকাৰ মাজত বিভ্ৰান্ত নহ’ব । এই দুয়োটা ভিন্ন তথ্য NTA-য়ে পৰীক্ষাৰ সুচাৰুৰূপে কৰিছে।
- JEE Main 2025 পৰীক্ষাৰ তালিকা: দেশৰ বিভিন্ন ৰাজ্যত JEE Main পৰীক্ষা অনুষ্ঠিত হ’ব লগীয়া চহৰসমূহৰ তালিকা। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ওচৰৰ চহৰ বাছি নাম পঞ্জীয়ন কৰিব পাৰে।
- JEE Main চিটী ইনটিমেচন স্লিপ: NTA (National Testing Agency)ৰ পৰা কেৱল পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলৰ বাবে তথ্য, য’ত তেওঁলোকৰ পৰীক্ষা কেন্দ্ৰ সম্পৰ্কীয় তথ্য থাকে। সাধাৰণতে পৰীক্ষাৰ 7-10 দিন পূৰ্বে এই তথ্য প্রকাশ কৰা হয়।
JEE Main 2025 পৰীক্ষাৰ তালিকা কিদৰে চাব?
- jeemain.nta.nic.in ৱেবছাইটলৈ যাওক।
- ‘JEE Main পৰীক্ষাৰ তালিকা’ অপশ্যন ক্লিক কৰক।
- প্ৰয়োজনীয় তথ্য (দেশ, ৰাজ্য, প্ৰশ্নপত্ৰৰ ভাষা, আৰু কেপচা) ভৰাওক।
- ‘Proceed’ বুটামত ক্লিক কৰি তালিকা চাওক।
JEE Main চিটী ইনটিমেচন স্লিপ কিদৰে চাব?
- jeemain.nta.nic.in ৱেবছাইটলৈ যাওক।
- ওপৰৰ ‘JEE Main চিটী ইনটিমেচন স্লিপ’ লিংকত ক্লিক কৰক।
- আপোনাৰ আবেদন নম্বৰ, জন্ম তাৰিখ, আৰু কেপচা ভৰাওক।
- ‘Proceed’ বুটামত ক্লিক কৰি আপোনাৰ পৰীক্ষা কেন্দ্ৰ চাওক।
- স্লিপ ডাউনল’ড কৰি ৰাখক।
JEE Main 2025 ৰ দ্বিতীয় পৰ্যায়ৰ চিটী ইনটিমেচন স্লিপ (City Intimation Slip) এতিয়াও প্ৰকাশ কৰা হোৱা নাই। NTA য় ইয়াৰ বাবে পৃথক ঘোষণা কৰিব পৰীক্ষাৰ এক সপ্তাহ পূৰ্বে।
Leave a Reply