গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল যুৱতী চিকিৎসকৰ সতে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যিক ডিছপেনছাৰীত কৰ্মৰত এগৰাকী মহিলা চিকিৎসকক অশ্লীল মেছেজ পঠিয়াই হাৰাশাস্তি প্ৰদানৰ অভিযোগ উঠিছে। অভিযুক্ত নুৰুল হক নামৰ যুৱকজনে ৰোগীৰ ৰূপত চিকিৎসকগৰাকীৰ ওচৰলৈ আহি পৰৱৰ্তী সময়ত বিভিন্ন অপ্ৰসঙ্গিক মেছেজ প্ৰেৰণ কৰে।

আচলতে যুৱতী চিকিৎসকৰ সতে কি হৈছিল?
জানিব পৰা মতে, নুৰুল হক চিকিৎসা সেৱা গ্ৰহণৰ নামত চিকিৎসকগৰাকীৰ ওচৰলৈ আহিছিল। কিন্তু তাৰ পিছতেই তেওঁ চিকিৎসকগৰাকীক বিভিন্ন অশ্লীল মেছেজ পঠিয়াই হাৰাশাস্তি চলাইছিল। বিষয়টোৰ ওপৰত অভিযোগ দাখিল হোৱাৰ লগে লগে সাতগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্ত নুৰুল হকক গ্ৰেপ্তাৰ কৰে। লগতে, তেওঁৰ ব্যৱহৃত ম’বাইল ফোনো আৰক্ষীয়ে জব্দ কৰিছে।

উল্লেখযোগ্য যে, মহানগৰীত এনে অপৰাধৰ ঘটনা ক্ৰমেই বৃদ্ধি পাইছে, যাৰ ফলত যুৱতী চিকিৎসকসকলৰ নিৰাপত্তা ওপৰতো প্ৰশ্ন উঠিছে। আইন-শৃংখলা ৰক্ষাৰ দায়িত্বত থকা চৰকাৰে এনে অপৰাধক কঠোৰভাৱে দমন কৰাৰ দিহা কৰিব লাগিব বুলি সচেতন মহলে মন্তব্য কৰিছে।
Leave a Reply