ঋণৰ চাপত সন্ধানহীন মহিলা: মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বেহগুৰি গাঁৱত এক দুখজনক ঘটনা সংঘটিত হৈছে। ঋণৰ চাপত সন্ধানহীন মহিলা গৰাকীৰ নাম হাজেৰা খাতুন। ঋণৰ চাপ সহিব নোৱাৰি ৪৫ বছৰীয়া মহিলা গৰাকী দুটা মাহ পূৰ্বে স্বামীৰ ভাতৃৰ ঘৰৰ পৰা সন্ধানহীন হৈ পৰে।

সন্ধানহীন মহিলা হাজেৰা খাতুনৰ স্বামী আব্দুল হামিদ ভূঞাই জানিবলৈ দিয়া মতে, পুত্ৰৰ প্ৰয়োজনত ১.৫ লাখ টকা গাঁৱৰ এজনৰ পৰা ধাৰ লোৱা হৈছিল। কিন্তু ঋণৰ সময়ত পুত্ৰই দায়বদ্ধতা অস্বীকাৰ কৰিলে। এই ঘটনাই বৃদ্ধ মহিলা গৰাকীক গভীৰ মানসিক চাপত পেলাই।
হাজেৰা খাতুনে পুত্ৰক ঋণ মাৰিবলৈ অনুৰোধ কৰিলে যদিও, তাৰ কোনো ফল পোৱা নগ’ল। অৱশেষত, মানসিকভাৱে ভাঙি পৰি মহিলা গৰাকী দুটা মাহ পূৰ্বে স্বামীৰ ভাতৃৰ ঘৰৰ পৰা সন্ধানহীন হৈ পৰে। এতিয়ালৈকে সন্ধানহীন মহিলা গৰাকীৰ মিকিৰভেটা আৰক্ষীৰ সহযোগত কোনো সন্ধান লাভ হোৱা নাই।
বিগত দুটা মাহে মিকিৰভেটা আৰক্ষীৰ সহযোগতো কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত আজি সংবাদ মাধ্যমৰ কাষ চাপে সন্ধানহীন মহিলা গৰাকীৰ স্বামী।