গীৱন অভয়াৰণ্যৰ কাষৰ দিহিঙ্গীয়াপাৰ চাহ বাগিচাৰ এগৰাকী মহিলাৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয়। চাৰি গৰাকী মহিলাৰ লগতে এজন ফেৰিৱলাৰ প্ৰাণ ৰক্ষা পৰে বনৰীয়া হাতীৰ পৰা ।

গীৱন অভয়াৰণ্যৰ বন্যহস্তীৰ প্ৰায়েই আক্ৰমণৰ বলী হয় দাতি কাষৰীয়া অঞ্চল সমূহ। দিহিঙ্গীয়াপাৰ চাহ বাগিছাৰ পাঁচ গৰাকী মহিলা গীৱন অভয়াৰণ্যত শুকান খৰি বিচাৰি গৈছিল । খৰি বিচাৰি থাকোঁতে হঠাৎ বন্যহস্তীয়ে আক্ৰমণ কৰে। ফলত চাৰিগৰাকী মহিলাৰ প্ৰাণ ৰক্ষা পৰে কিন্তু দিনতে একেলগে খৰি বিচাৰিবলৈ যোৱা এগৰাকী মহিলা আন্ধাৰ হোৱা লৈকে নিৰুদ্দেশ হৈ থাকে । বন বিভাগে নিশালৈকে উদ্ধাৰ হোৱা বাকী চাৰি গৰাকী মহিলাৰ সহযোগত নিৰুদ্দেশ হোৱা মহিলা গৰাকীক বিচাৰ অভিযান অব্যাহত ৰাখে। মহিলা চাৰি গৰাকী ক্ৰমে মাৰীয়াম ৰজক, ৰীতা মাহিলী, পূৰ্ণী কৰ্মকাৰ আৰু সুমন মুণ্ডা। এই চাৰিগৰাকী মহিলা বন্যহস্তীৰ পৰা প্ৰাণ ৰক্ষা কৰি নিজা গৃহত হুকুলমে উপস্থিত হয়। পিছত নিৰুদ্দেশ হোৱা মহিলগৰাকী অঞ্জনা চামচিক নিজা গৃহত নোপোৱাত বিচাৰ খুচাৰ আৰম্ভ হয়।
গীৱন অভয়াৰণ্যৰ মাজেদি যোৱা ঐতিহাসিক ধোদৰআলিৰ পথচাৰি প্ৰায়েই বন্যহস্থী আক্ৰমণৰ বলী হয়। এই পথতে গীৱনৰ পৰা ওলাই অহা হস্তীয়ে এগৰাকী বৃদ্ধ ফেৰিৱলা মহাবীৰ মহত্বকো আক্ৰমণ কৰিছিল। তেওঁ সুযোগ বুজি তাৰ পৰা পলাই অহাতহে তেওঁৰ প্ৰাণ ৰক্ষা পৰে।
আনহাতে বনবিভাগে বিচাৰ অভিযান গীৱন অভয়াৰণ্যৰ মাজত অব্যাহত ৰাখি থাকোঁতে হঠাৎ তেওঁলোকক এটা মৃতদেহ দৃষ্টিগোচৰ হয়। সেই মৃতদেহ উদ্ধাৰ কৰি আনৰ পাছত পৰিয়াল তথা বনবিভাগক সহযোগিতা কৰা মহিলাসকলে মহিলা গৰাকী অঞ্জনা চামচি হয় বুলি চিনাক্ত কৰে।
Leave a Reply