দক্ষিণ মুম্বাইৰ ফ্লোৰা ফাউণ্টেইনৰ ঐতিহাসিক ইছমাইল বিল্ডিংত জাৰা(Zara)ই একমাত্ৰ স্বতন্ত্ৰ ষ্ট’ৰ বন্ধ কৰিলে। ৯ বছৰৰ পিছত জাৰাই এই ষ্ট’ৰটো বন্ধ কৰাৰ সিদ্ধান্ত লয়, আৰু ইয়াৰ ঠাইত বিলাসী ফেশ্বন ব্ৰেণ্ড পাৰ্পল ষ্টাইল লেবছে(Purple Style Labs) ৬০,০০০ বৰ্গফুটৰ খুচুৰা স্থান ভাড়ালৈ লৈছে। সম্পত্তিৰ নথিপত্ৰ অনুসৰি, Purple Style Labs ৫ বছৰৰ বাবে ২০৬ কোটি টকা ভাড়া দিব, যাৰ দৈনিক হাৰ প্ৰায় ১০ লাখ টকা।
Zaraৰ ইতিহাস
Zaraই এই ঐতিহাসিক বিল্ডিংত ২০১৬ চনত ২১ বছৰৰ বাবে লীজ লৈছিল, কিন্তু ৯ বছৰৰ পিছতেই ষ্ট’ৰটো বন্ধ কৰাৰ সিদ্ধান্ত লয়। আনহাতে, পাৰ্পল ষ্টাইল লেবছে এই স্থানটো ৫ বছৰৰ বাবে লীজ লৈছে, আৰু প্ৰথম বছৰত বছৰি ৩৬ কোটি টকা ভাড়া দিব। পিছৰ বছৰবোৰত এই ভাড়া ক্ৰমে বাঢ়ি ৪৫.৬ কোটি টকালৈকে যাব।
Purple Style Labs ২০১৫ চনত অভিষেক আগৰৱালে প্ৰতিষ্ঠা কৰিছিল। এই কোম্পানীয়ে পাৰ্নিয়া’ছ পপ-আপ শ্বপৰ জৰিয়তে উচ্চ-স্তৰৰ ডিজাইনাৰ ব্ৰেণ্ডবোৰ বিক্ৰী কৰে। ইয়াৰ উপৰিও, ইয়াত তৰুণ ডিজাইনাৰসকলক সহায় কৰি বিক্ৰী, বিপণন, আৰু প্ৰযুক্তিগত সহায় আগবঢ়োৱা হয়।
জাৰাই দক্ষিণ মুম্বাইৰ ফ্লেগশ্বিপ ষ্ট’ৰটো বন্ধ কৰাৰ কাৰণ হৈছে দক্ষিণ মুম্বাইৰ জনসাধাৰণৰ কেন্দ্ৰীয় মুম্বাইলৈ স্থানান্তৰ। বিশেষজ্ঞসকলৰ মতে, দক্ষিণ মুম্বাইত জাৰা(Zara)ৰ দৰে ব্ৰেণ্ডৰ বাবে উপযুক্ত গ্ৰাহকসকল এতিয়া কেন্দ্ৰীয় মুম্বাইৰ লোৱেৰ পেৰেল আৰু ৱৰলিলৈ স্থানান্তৰিত হৈছে। ফলত, দক্ষিণ মুম্বাইৰ ঠাইত পেলাডিয়াম মলৰ দৰে স্থানসমূহত অধিক গ্ৰাহকৰ আগমন ঘটিছে।
ইছমাইল বিল্ডিংৰ মালিক ফজলানি গ্ৰুপৰ পৰিচালক আৰিফ ফজলানীয়ে জাৰাৰ প্ৰস্থান নিশ্চিত কৰিছে। তেওঁ কয় যে জাৰাই ফেব্ৰুৱাৰীৰ শেষত স্থানটো এৰি দিব, আৰু মাৰ্চৰ পৰা নতুন ভাড়াতীয়াই স্থানটো লৈ ল’ব।
Zaraই মুম্বাইৰ অন্যান্য স্থানত তেওঁলোকৰ ষ্ট’ৰসমূহ চলাই ৰাখিছে, য’ত পেলাডিয়াম মল, ফিনিক্স মাৰ্কেট চিটি, আৰু ভিভিয়ানা মল আদি অন্তৰ্ভুক্ত। আনহাতে, পাৰ্পল ষ্টাইল লেবছে মুম্বাইৰ কেম্পচ কৰ্ণাৰ, জুহু, আৰু বান্দ্ৰাত তেওঁলোকৰ ষ্ট’ৰ চলাই আছে।
এই সম্পৰ্কে পাৰ্পল ষ্টাইল লেবছ(Purple Style Labs)ৰ পৰা কোনো মন্তব্য পোৱা নগ’ল। জাৰা(Zara)ৰ পৰাও কোনো মন্তব্য পোৱা নাই।
লগতে পঢ়ক – DeepSeek: AI ৰ জগতত নতুন বিপ্লৱ, DeepSeek বনাম OpenAI