Union Budget 2025-ৰ নিৰ্মাণ উদ্যোগ, কৃষি আৰু ক্ষুদ্ৰ-মধ্যম উদ্যোগ (MSME)ক অগ্ৰাধিকাৰ দিয়া হৈছে বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে। অধিক ঋণ সুবিধা, নিয়ন্ত্রনীয় সংশোধন আৰু বাণিজ্যৰ বাবে ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছে, যিয়ে উৎপাদন ক্ষমতা বৃদ্ধি, চাকৰি সৃষ্টি আৰু ভাৰতৰ উন্নয়ন যাত্ৰাত সহায় কৰিব।

Table of Contents
Union Budget 2025ৰে কৃষি ক্ষেত্ৰ উন্নয়ন
বিশেষকৈ কৃষি ক্ষেত্ৰৰ বাবে ঘোষণা কৰা ব্যৱস্থাবোৰ, ধন ধান্য কৃষি যোজনা যোগে ১০০খন জিলা উন্নয়ন আৰু ১.৭ কোটি কৃষকক সহায় কৰাৰ লক্ষ্য। তুলা উৎপাদনৰ বাবে নতুন মিছন, মাখনা উত্পাদন প্ৰক্ৰিয়া, মূল্য সংযোজন আৰু বজাৰোন্নয়নক কেন্দ্ৰ কৰি নতুন মণ্ডল গঠনৰ সিদ্ধান্ত লোৱা হৈছে। উচ্চ উৎপাদনক্ষম বীজৰ বাবে নতুন মিছন ঘোষণা কৰা হৈছে। কৃষকৰ বাবে কৃষি ঋণৰ সীমা ৫ লাখ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে, যাৰ সুবিধা ৭.৭ কোটি কৃষক, মীনপালক আৰু দুগ্ধ উৎপদক লাভ কৰিব।
Union Budgetৰে ক্ষুদ্ৰ-মধ্যম উদ্যোগ (MSME) উন্নয়ন
Union Budget 2025ত MSME, বিনিয়োগ আৰু ৰপ্তানীক বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ তিনিটা মুখ্য ইঞ্জিন হিচাপে স্বীকৃতি দিয়া হৈছে। উত্পাদন ক্ষেত্ৰত ৩৬% আৰু ৰপ্তানিত ৪৫% অৱদান আগবঢ়োৱা MSME-সমূহক উন্নত প্ৰযুক্তিৰ সহায়ত বৃদ্ধি কৰিবলৈ, বাজেটত বিনিয়োগৰ সীমা ২.৫ গুণ আৰু টাৰ্ন’ভাৰ সীমা ২ গুণ বৃদ্ধি কৰা হৈছে। অধিক ঋণ সুবিধাৰ বাবে MSME-সমূহৰ বাবে ১.৫ লাখ কোটি টকাৰ অতিৰিক্ত ঋণৰ ব্যৱস্থা কৰা হৈছে। লগতে, ক্ষুদ্ৰ উদ্যোগৰ বাবে বিশেষ ঋণ কাৰ্ডৰ ঘোষণা কৰা হৈছে।
Export Development Mission – ৰপ্তানি
Bharat TradeNet নামেৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছে। ৰপ্তানি উন্নয়ন মিছনে MSME-সমূহক সহায় দিব আৰু ৰপ্তানিবান্ধৱ নীতি প্ৰস্তুত কৰা হ’ব।
Union Budget 2025: বিনিয়োগ বৃদ্ধি আৰু নিয়ন্ত্রনীয় সংশোধন
ব্যৱসা-বাণিজ্যৰ ব্যয় হ্ৰাস আৰু বিনিয়োগৰ সুবিধা বৃদ্ধি কৰিবলৈ নিয়ন্ত্রনীয় আন্তঃগাঁথনি সহজ কৰা হৈছে। আয়কৰ বিলৰ নতুন সংশোধন ঘোষণা কৰা হৈছে, য’ত ১০০তকৈ অধিক আইন লঘুকৰণ কৰা হৈছে। ইয়াৰ ফলত ব্যক্তিগত আৰু বৈদেশিক বিনিয়োগ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে।
বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত আগবাঢ়িবলৈ Union Budget 2025-এ দিশ-নিৰ্দেশ দিছে। এতিয়া লক্ষ্যত উপনীত হোৱাৰ বাবে উন্নয়নমূলক প্ৰকল্পসমূহ বাস্তৱায়ন কৰাটো মুখ্য প্ৰাসঙ্গিক হ’ব।