সোণাপুৰ ভয়ংকৰ পথ দুৰ্ঘটনা: পবিত্ৰ ইদৰ আগমুহূর্ততে মৈৰাবাৰীত নামি আহিল শোকৰ ছাঁ। এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৈৰাবাৰীৰ তিনি যুৱকে থিতাতে প্ৰাণ হেৰুৱাইছে, যাৰ ফলত তিনিটাকৈ পৰিয়ালত কান্দোনৰ ৰোল পৰিছে।

সূত্র অনুসৰি, মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS21AC3309 নম্বৰৰ এখন মালবাহী চাৰিচকীয়া বাহনে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই ভয়ংকৰ সংঘৰ্ষৰ ফলত নিমিষতে শেষ হৈ যায় তিনিওঁজনৰ মূল্যবান জীৱন।
দুৰ্ঘটনাত নিহত যুৱক কেইজন ক্ৰমে মৈৰাবাৰীৰ শ্বৰিফুল ইছলাম, শ্বাকিল আহমেদ আৰু মুস্তাক আহমেদ বুলি জানিব পৰা গৈছে। শ্বৰিফুল ইছলাম মৈৰাবাৰীৰ এগৰাকী যুৱ ব্যৱসায়ী আছিল আৰু তেওঁ “শ্বেখ ৯৯+” নামৰ দোকানখনৰ স্বত্বাধিকাৰী আছিল।
জানিব পৰা মতে, ইদ উপলক্ষে নিজৰ দোকানৰ বাবে নতুন কাপোৰ আনিবলৈ এই তিনিওঁজনে পুৱাই গুৱাহাটীলৈ ৰওনা হৈছিল। কিন্তু দুৰ্ঘটনাগ্ৰস্ত হোৱাত ইদৰ আনন্দ পৰিয়ালৰ বাবে শোকত পৰিণত হয়। শ্বৰিফুল ইছলামৰ পৰিয়ালত এতিয়া বুকু ফাটি অহা কান্দোনৰ ধ্বনিৰ বাহিৰে বুজাব নোৱাৰা পৰিস্থিতিয়ে বিৰাজ কৰিছে।