ChatGPT: Open aiৰ কৃত্ৰিম বুদ্ধিমত্তা চেটবট ChatGPT এতিয়া এটা গ্ল’বেল আউটেজৰ সন্মুখীন হৈছিল। এই সমস্যাৰ ফলত ব্যৱহাৰকাৰীসকলে ৱেব আৰু এপৰ জৰিয়তে এই চাৰ্ভিছত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল। Downdetectorৰ মতে, এই আউটেজ সন্ধিয়া ৫ বজাত আৰম্ভ হয় আৰু এতিয়ালৈকে প্ৰায় ১ হাজাৰতকৈ অধিক অভিযোগ দাখিল হয়। অনেক ব্যৱহাৰকাৰীয়ে এই সমস্যাৰ বিষয়ে সমাজিক মাধ্যম প্লেটফৰ্ম X-ত জনাই।

Open aiৰ প্ৰতিক্ৰিয়া
ChatGPT বন্ধ হৈ থকাৰ কথা Open aiয়ে স্বীকাৰ কৰিছিল আৰু সমস্যাটো সমাধান কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছিল। কোম্পানীৰ ষ্টেটাছ পৃষ্ঠাত উল্লেখ কৰা হৈছে যে Chatgpt আৰু ইয়াৰ API এতিয়া “Degraded Performance”ৰ সন্মুখীন হৈছে। ষ্টেটাছ পৃষ্ঠাত দিয়া এক বাৰ্তাত কোৱা হৈছিল, “আমাৰ API-ত ত্ৰুটিৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছিল। আমি এতিয়া এই সমস্যাটোৰ তদন্ত কৰি আছো।” ওপেনএআইয়ে সমস্যাটোৰ মূল কাৰণ চিনাক্ত কৰি, ইয়াক সম্পূৰ্ণৰূপে সমাধানৰ চেষ্টা কৰি আছে।
আউটেজৰ সময়ৰেখা
Downdetectorৰ তথ্য মতে, এই আউটেজ আজি পুৱা আৰম্ভ হয় আৰু এতিয়াও চলি আছিল। প্ৰায় ৮৮% ব্যৱহাৰকাৰীয়ে Chatgpt একেবাৰে ব্যৱহাৰ কৰিব পৰা নাছিল। বাকীসকলে ৱেবছাইট আৰু API লৈ প্ৰৱেশত অসুবিধাৰ সন্মুখীন হৈছিল। chat.openai.com প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিলে “Bad Gateway” ত্ৰুটি দেখুওৱা হৈছিল।
আউটেজৰ কাৰণ
এই আউটেজৰ সঠিক কাৰণ এতিয়াও Open aiৰ তদন্তৰ অধীনত আছে। সংবাদ মাধ্যমৰ ৰিপ’ৰ্টত কোৱা হৈছে যে আজি পুৱাই ব্যৱহাৰকাৰীয়ে অনিয়মিতভাৱে এই সমস্যাৰ সন্মুখীন হৈছিল।
ব্যৱহাৰকাৰীসকলৰ ওপৰত প্ৰভাৱ
Chatgpt এই ঘটনাই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত মানৱীয় নিৰ্ভৰশীলতা স্পষ্ট কৰে। ব্যৱহাৰকাৰীসকলে চেটজিপিটি বিভিন্ন প্ৰশ্নৰ উত্তৰ পোৱা, পেচাদাৰী কামত সহায় লোৱা আদি সকলো কামতেই ব্যৱহাৰ কৰিছিল। Open aiৰ দ্রুত প্ৰতিক্ৰিয়া আৰু সমস্যাটো সমাধানৰ প্ৰচেষ্টা এতিয়া বহু ব্যৱহাৰকাৰীৰ বাবে এক আশাৰ বাণী। নতুন তথ্যৰ বাবে ওপেনএআইৰ ষ্টেটাছ পৃষ্ঠাত চকু ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।
আমাৰ আন এটা আজিৰ মনালিছাৰ বাতৰি পঢ়ক