Ajith Kumarৰ বহুপ্ৰতীক্ষিত চলচ্চিত্ৰ গুড বেড আগলি(Good Bad Ugly) আজি ১০ এপ্ৰিলত মুক্তি পোৱাৰ লগে লগে সামাজিক মাধ্যমত অনুৰাগীসকলৰ প্ৰতিক্ৰিয়া। বিশেষকৈ Twitterৰ ব্যৱহাৰকাৰীসকলে এই চিনেমাটোক লৈ নিজৰ উচ্ছ্বাস আৰু মতামত প্ৰকাশ কৰে। চলচ্চিত্ৰখনৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ থিয়েটাৰলৈ উত্ৰাৱল হোৱা দৰ্শকসকলৰ মন্তব্যৰে ছ’চিয়েল মিডিয়া উপচি পৰিছে। #GoodBadUgly হেচটেগটো দ্ৰুতগতিত ট্ৰেণ্ডিং হৈছে, য’ত ছবিখনৰ ভাল-বেয়া দুয়োটা দিশৰে আলোচনা জোৰে চলিছে।

Table of Contents
‘Good Bad Ugly’ অনুৰাগীসকলৰ উত্সাহ :
অনেকেই ছবিখনৰ একচন, সংলাপ, AjithKumarৰ ‘মাছ এণ্ট্ৰি’ আৰু গীতবোৰক উচ্চ প্ৰশংসা কৰিছে। এজনে লিখিছে, ‘গত ১২-১৪ বছৰৰ Ajith Kumarৰ শ্ৰেষ্ঠ বিনোদন! ‘মাংকাঠা’তকৈও উত্তম। প্ৰথম ৫ মিনিট অলপ মন্থৰ, তাৰ পিছত কেৱল MASS MASS MASS!”আন এজনে কৈছে ,’ভিন্টেজ অজিতৰ সংলাপ, BGM আৰু ষ্টাইলিং একেবাৰে ত্ৰুটিহীন। ফেন্সৰ বাবে এটা উৎসৱ যেন লাগিল।’
চিনেমাৰ সমালোচনাও আছে :
সকলোৰে অভিমত একেধৰণৰ নহয়। কিছুমানে চুটিকথাৰ অভাৱ, কাহিনীৰ দুৰ্বলতা, আৰু অধিক ‘ফেনবয় কনটেণ্ট’ থকা বুলি সমালোচনা কৰিছে।
“#GoodBadUgly এ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ Cringe moment! যুঁজৰ দৃশ্যবোৰ হাস্যকৰ।”
“AjithKumar ফেনবই শ্ব চলি আছে, কিন্তু কাহিনী নাই, মূল উদ্দেশ্য স্পষ্ট নহয়। ধন আৰু সময়ৰ অপচয়।”
চিনেমাৰ সংক্ষিপ্ত ৰূপ
আধিক ৰাভিচন্দ্ৰণ পৰিচালিত এই Action-Comedy ছবিখনত AjithKumarএ এগৰাকী অৱসৰপ্ৰাপ্ত গেংষ্টাৰৰ ভূমিকাত অভিনয় কৰিছে, যিয়ে নিজৰ পুত্ৰ অপহৰণ হোৱাৰ পাছত পুনৰ হিংসাত্মক পৃথিৱীত প্ৰৱেশ কৰে।
এই ছবিখনত অভিনয় কৰিছে তৃষা কৃষ্ণন(Trisha Krishnan), অৰ্জুন দাস(Arjun Das), প্ৰভু(Prabhu), প্ৰসন্ন( Prasanna), সুনীল(Sunil), ৰাহুল দেৱ(Rahul Dev), যোগী বাবু(Yogi Babu)। সংগীত জিভি প্ৰকাশে(GV Prakash) সজাইছে।।
চিনেমাটোত কি আছে বিশেষ?
- Ajith-Simranৰ সংলাপ বহু দৰ্শকৰ হৃদয় জয় কৰিছে।
- দৃশ্যপট(scenario) আৰু ক্লাইমেক্স(climax)ক লৈ বহুজন উৎসাহী।
- “Violence, violence, violence. I like violence. Thala is back” — এই catchline এতিয়া ভাইৰেল হৈ পৰিছে।
উপসংহাৰঃ
‘Good Bad Ugly’ ছবিখনে AjithKumarৰ প্ৰচণ্ড ফেনবেজক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে, যদিও সাধাৰণ দর্শকৰ বাবে কাহিনীত কিছু অভাৱ দেখা গৈছে। তথাপিও সামাজিক মাধ্যমত ছবিখনৰ উন্মাদনা বৰঙনি দিছে যে “Thala is truly BACK”!