তিনিচুকীয়া এজন ১২ বছৰীয়া কিশোৰ সন্ধানহীন

তিনিচুকীয়া চলিহা নগৰ সন্ধানহীন কিশোৰজনৰ নাম সুভাষ ৰাম বুলি জানিব পৰা গৈছে। পৰিয়ালে অৱগত কৰে যে, ১২ বছৰীয়া কিশোৰ জন যোৱা ২০২৫,৭ তাৰিখ মঙ্গলবাৰে পুৱা ৭ বজাৰ পৰা  সন্ধানহীন। কিশোৰজনৰ পিতৃৰ নাম মাহিন্দ্ৰ ৰাম।

তিনিচুকীয়া এজন ১২ বছৰীয়া সন্ধানহীন কিশোৰ সুভাষ ৰাম আৰু তেওঁৰ মাতৃ

কিশোৰজন ৭ তাৰিখে পুৱা ৭ বজাত  মিছনপাৰাত থকা ব্যক্তিগত শিক্ষকৰ ওচৰত টিউচন কৰিবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে । তেখেতৰ পৰিয়ালে ইতিমধ্যে তেওঁলোকৰ দ্বিতীয় পুত্ৰ সন্তানক বিচাৰি আৰক্ষী কাষ চাপিছে যদিও বৰ্তমানে কিশোৰজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকৰ ঘৰখনত এক চিন্তাৰ আৰু কান্দোনৰ পৰিবেশৰ সৃষ্টি হৈছে, ২৪ ঘণ্টা সময় উকলি যোৱাৰ পিছতো সন্তানৰ কোনো সূংসূত্ৰ লাভ কৰা নাই।