যোৰহাটত মুখ্যমন্ত্রীৰ তদাৰকত সহকাৰী অভিযন্তা শিৱ প্ৰসাদ শইকীয়া আটক

যোৰহাট, বুধবাৰ: মুখ্যমন্ত্রীৰ তদাৰকী কোষে যোৰহাটত এক অভিযান চলাই কেন্দ্ৰীয় খণ্ড উন্নয়ন কাৰ্যালয়ৰ এগৰাকী সহকাৰী অভিযন্তাক আটক কৰিছে।

সহকাৰী অভিযন্তা শিৱ প্ৰসাদ শইকীয়া আটক

শিৱ প্ৰসাদ শইকীয়াৰ প্ৰকৃততে কি হ’ল?

প্ৰাপ্ত তথ্য অনুসৰি, শিৱ প্ৰসাদ শইকীয়া নামৰ অভিযন্তাগৰাকী ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। অভিযোগ অনুসৰি, এমজিএনৰেগাৰ বিল মোকলাই দিয়াৰ নামত শিৱ প্ৰসাদ শইকীয়াই ১৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ৰাজ্যত ঘোচ আৰু দুৰ্নীতিবিৰোধী পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রীৰ তদাৰকী কোষে এই অভিযান অব্যাহত ৰাখিছে।