ভোগালী বিহুৰ উৎসৱৰ আনন্দৰ মাজতে মৰিয়নিৰ চেলেংহাট বাইলুং গাঁৱত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। ২৮ বছৰীয়া মুনুকন বৰা ফুকন নামৰ মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰত।

মৰিয়নিত মহিলাৰ মৃতদেহ উদ্ধাৰ
মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকী দুটা সন্তানৰ মাতৃ, তেওঁৰ দেহত বিভিন্ন আঘাটৰ চিন পোৱা গৈছে। মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে দুই সন্তানৰ মাতৃ গৰাকীক হত্যাৰ সন্দেহ । আৰক্ষীয়ে ইতিমধ্যে পলাশ ফুকনক আটক কৰিছে আৰু হত্যাৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে। স্থানীয়লোকসকলৰ মতে, ঘটনাটো ঘৰুৱা কাজিয়াৰ ফলত হোৱাৰ সম্ভাৱনা আছে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টৰ আধাৰত সকলো তথ্যৰ সত্যতা পোহৰলৈ আহিব।
এই ঘটনা ভোগালী বিহুৰ আনন্দৰ মাজত এলেকাটোত গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হত্যাৰ সম্ভাৱনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে, আৰু সকলোৰে দৃষ্টি আৰক্ষীৰ তদন্তৰ ওপৰত।