New Zealand vs Pakistan T20I: নিউজিলেণ্ডে পাকিস্তানক ৫খন মেচৰ টি২০ শৃংখলাৰ প্ৰথম খেলত ৯ উইকেটত পৰাস্ত কৰিলে। ক্ৰাইষ্টচাৰ্চৰ হেগলি অ’ভেলত অনুষ্ঠিত এই খেলত নিউজিলেণ্ডে টছ জিকি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয়। পাকিস্তান দল ১৮.৪ অভাৰত কেৱল ৯১ ৰানতে অলআউট হয়। তাৰ পিছতে নিউজিলেণ্ডে মাত্ৰ ১০.১ অভাৰত ৯২ ৰান সংগ্ৰহ কৰি সহজ বিজয় সাব্যস্ত কৰে।

New Zealand vs Pakistan T20I খেলত পাকিস্তানৰ ইনিংছত সুখদিল শ্বাহয়ে সৰ্বাধিক ৩২ ৰান সংগ্ৰহ কৰে। লগতে, সালমান আগাই ১৮ আৰু জেহানজাদ খানে ১৭ ৰান যোগ কৰে। মোহাম্মদ হাৰিছ আৰু হাসান নৱাজ কোনো ৰান নকৰাকৈ আউট হয়। ইৰফান খানে ১, শাদাব খানে ৩, আব্দুল সমদে ৭, শ্বাহিন আফ্ৰিদিয়ে ১ আৰু আব্ৰাৰ আহমেদে ২ ৰান যোগ কৰে। মোহাম্মদ আলী ০ ৰানত অপৰাজিত থাকে।
নিউজিলেণ্ডৰ বলাৰসকলৰ ভিতৰত জেকব ডাফীয়ে ৪ উইকেট লাভ কৰে, কাইল জেমিচনে ৩, ঈশ সোঢীয়ে ২ আৰু জকাৰী ফাউলকেছে ১ উইকেট দখল কৰে।
NZ vs Pak খেলত নিউজিলেণ্ডৰ বেটিংত ফিন এলেন ২৯ ৰান আৰু টিম ৰবিনছন ১৮ ৰানত অপৰাজিত থাকে। টিম চিফাৰ্টে ৪৪ ৰানৰ উল্লেখযোগ্য ইনিংছ খেলে। পাকিস্তানৰ হৈ কেৱল আব্ৰাৰ আহমেদেই ১ উইকেট দখল কৰিবলৈ সক্ষম হয়।
New Zealand vs Pakistan T20I বিজয়ৰ সৈতে নিউজিলেণ্ড ১-০
New Zealand vs Pakistan T20I মেচৰ এই বিজয়ৰ সৈতে নিউজিলেণ্ডে ৫খন মেচৰ টি২০ শৃংখলাত ১-০ আগবাঢ়িল। দ্বিতীয় টি২০ মেচ মঙলবাৰে (১৮ মাৰ্চ) ডুনেডিনৰ ইউনিভাৰ্ছিটি অ’ভেলত অনুষ্ঠিত হ’ব।