দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় অভিনেত্ৰী কিম চে’-ৰন (Kim Sae-ron) ২৪ বছৰ বয়সত নিজৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ হৈছে। কোৰিয়ান সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, ফেব্ৰুৱাৰী ১৬ তাৰিখে চেওংডং-গু, ছউলস্থিত তেওঁৰ বাসগৃহত তেওঁৰ মৃতদেহ পোৱা যায়।
পুলিচৰ তথ্য অনুসৰি, এজন নিকট বন্ধু তেওঁলৈ যোগাযোগ কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পিছত, সন্ধান কৰিবলৈ আহে আৰু প্রায় বিয়লি ৪:৫০-৫:০০ বজাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
পুলিচৰ মতে, কোনো ধৰণৰ জোৰ-জবৰদস্তি বা বাহ্যিক আক্ৰমণৰ চিহ্ন পোৱা হোৱা নাই। তথাপি, মৃত্যুৰ প্রকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে।

অভিনেত্ৰী কিম চে’-ৰনৰ জীৱন আৰু কৰিয়াৰ
কিম চে’-ৰন অভিনেত্রী হিচাপে ২০০৯ চনত “A Brand New Life” চলচ্চিত্ৰৰে আত্মপ্ৰকাশ কৰে। কিন্তু তেওঁ ২০১০ চনৰ “The Man from Nowhere” ছবিৰ জৰিয়তে বৃহৎ জনপ্ৰিয়তা লাভ কৰে। তেওঁৰ আন উল্লেখযোগ্য কৰ্মসমূহ হৈছে “The Neighbors” (2012), “Hi! School-Love On” (2014), “Secret Healer” (2016), আৰু Netflix ৰ “Bloodhounds” (2023)।
বিতর্ক আৰু শেষ সময়ৰ জীৱন
২০২২ চনত, কিম চে’-ৰন এক ড্ৰাইভিং আন্ডাৰ ইনফ্লুৱেন্স (DUI) ঘটনাত জড়িত হৈছিল। তেওঁ এটা গাৰ্ডৰেইল আৰু বিদ্যুৎ ট্ৰেন্সফৰ্মাৰত খুন্দা মাৰে, যাৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয়। এই ঘটনাৰ বাবে ২০ মিলিয়ন ৱন (প্ৰায় $১৩,৮৫০) জৰিমনা দিছিল আৰু তেওঁৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰা হৈছিল।
এই ঘটনাৰ পিছত, তেওঁ একাংশ সময় অভিনয় ক্ষেত্ৰৰ পৰা আঁতৰি যায়। ২০২৩ চনৰ এপ্ৰিলত তেওঁ নাটকৰ জৰিয়তে পুনৰ অভিনয় জগতত উভতি আহিবলৈ চেষ্টা কৰিছিল,কিন্তু বিতৰ্ক আৰু স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁ এই প্ৰকল্পৰ পৰা আঁতৰি যায়।
নৱেম্বৰ ২০২৪ চনত “Guitar Man” নামৰ নতুন ছবিত অভিনয় কৰাৰ বাতৰি আহিলেও, তাৰপিছত নতুন কোনো তথ্য প্ৰকাশ পোৱা নাই।
কিম চে’-ৰনৰ অকাল মৃত্যুৰ সংবাদ দক্ষিণ কোৰিয়া তথা বিশ্বজুৰি তেওঁৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পেলাইছে। বৰ্তমান আৰক্ষীয়ে মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।