আই পি এল ২০২৫ (IPL 2025) ৰ ৪৭তম মেচত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হোৱা প্ৰতিযোগিতাত ১৪ বছৰীয়া ৱৈভৱ সূৰ্যৱংশী(Vaibhav Suryavanshi)য়ে ইতিহাস ৰচে। তেওঁ কেৱল ৩৫ বলত শতক সম্পূৰ্ণ কৰি, আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক দ্ৰুত শতকৰ ৰেকৰ্ড গঢ়ে। এই ইনিংছত তেওঁ ১১টা ছয় আৰু ৭টা বাউণ্ডাৰীসহ মুঠ ১০১ ৰান কৰে।

সূৰ্যৱংশীৰ এই বিস্ফোৰক ইনিংছৰ সহায়ত ৰাজস্থান ৰয়েলছে গুজৰাটৰ ২০৯ ৰানৰ লক্ষ্য কেৱল ১৫.৫ অভাৰত ২ উইকেট হেৰুৱাই পূৰণ কৰে। য়শস্বী জয়ছৱাল(Yashasvi Jaiswal)ৰ সৈতে তেওঁৰ ১৬৬ ৰানৰ উদ্বোধনী জুটীয়ে দলটোক শক্তিশালী আৰম্ভণি প্ৰদান কৰে।

Vaibhav Suryavanshi-ৰ প্ৰশংসা
এই জয়ে ৰাজস্থান ৰয়েলছৰ আগৰ পাঁচটা পৰাজয়ৰ শৃংখলা ভংগ কৰে আৰু প্লে-অফৰ আশাক পুনৰুজ্জীৱিত কৰে। সূৰ্যৱংশীৰ এই অনন্য প্ৰদৰ্শনে ক্ৰিকেট জগতত চাঞ্চল্য সৃষ্টি কৰে, য’ত শচীন তেণ্ডুলকাৰ(Sachin Tendulkar), যুৱৰাজ সিং(Yuvraj Singh) আৰু হৰ্ষ ভোগলী(Harsh Bhogly)য়ে তেওঁক প্ৰশংসা কৰে।
লগতে পঢ়ক – RR vs LSG IPL 2025: ৰাজস্থান ৰয়েলছ আৰু লখনউ চুপাৰ জায়েন্টছৰ খেলত কোন হ’ব জয়ী