ডিমাহাছাওৰ উমৰাংছুৰ কয়লা খনিত সংঘটিত হোৱা হৃদয়বিদাৰক ঘটনাৰ তদন্তৰ দাবীত অসমীয়া যুৱ মঞ্চ। সমগ্ৰ ৰাজ্যক শোকাকুল কৰি তুলিছে। চি,ই,এম দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইৰ নামত চলা এই কয়লা খনিত তিনিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু প্ৰায় ৮ জন শ্ৰমিক বৰ্তমানেও খনিত আৱদ্ধ হৈ আছে। জীৱিত নে মৃত সেই তথ্য এতিয়াও স্পষ্ট হোৱা নাই।

কয়লা খনিত সংঘটিত হোৱা হৃদয়বিদাৰক ঘটনাৰ তদন্তৰ দাবী অসমীয়া যুৱ মঞ্চৰ
অসমীয়া যুৱ মঞ্চই অভিযোগ উত্থাপন কৰিছে যে নিষেধাজ্ঞা থকা সত্ত্বেও এই খনিৰ অবৈধ খনন চলাই আছে। সংগঠনটোৱে প্রশ্ন কৰিছে, ৰাজনৈতিক প্ৰভাৱৰ অপব্যৱহাৰে কেনেকৈ এই খনন কার্য অব্যাহত ৰাখিব পৰিছে? লগতে সংগঠনটোৱে দাবী কৰিছে যে এই হৃদয়বিদাৰক ঘটনাৰ বাবে দায়িত্ববান ব্যক্তি সকলক বিচাৰি বিহিত শাস্তি দিয়াৰ লগতে শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব লাগিব।
অসমীয়া যুৱ মঞ্চই উমৰাংছুৰ এই অবৈধ কয়লা খনন বন্ধ কৰাৰ লগতে অসমত চলি থকা অন্যান্য অবৈধ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কটকটীয়া পদক্ষেপ ল’বলৈ চৰকাৰক আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ দায় সৰা মনোভাৱৰ তীব্ৰ সমালোচনা কৰি, সংগঠনটোৱে কয়লা খনিৰ কার্যকৰী তদন্তৰ জৰিয়তে সত্য উলিয়াই আনিবলৈ দাবী জনাইছে।