অংক ছাৰৰ বিৰুদ্ধে ছাত্ৰীক অপকৰ্মৰ অভিযোগ, ৩ মাহে পলাতক থাকিও বিদ্যালয়ত চহী

বাক্সা: সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অপকৰ্ম কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগত বিগত তিনি মাহ ধৰি পলাতক অংক ছাৰ গুণ গোবিন্দ ডেকা। বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত দীঘেলীৰ আৰ,ডি,বি মিলন হাইস্কুলত সংঘটিত হৈছিল এই জঘন্য ঘটনা। ছাত্ৰীগৰাকীৰ পৰিয়ালে গম্ভীৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই অভিযুক্ত শিক্ষকজন পলাতক হয়। কিন্তু আচৰিতভাৱে, আৰক্ষীয়ে বিচাৰি নোপোৱা অংক শিক্ষক গোপনে বিদ্যালয়লৈ আহি পঞ্জীয়ন বহীত নিয়মিতভাৱে চহী কৰি আহিছে।

অংক ছাৰৰ বিৰুদ্ধে ছাত্ৰীক অপকৰ্মৰ অভিযোগ
অংক ছাৰৰ বিৰুদ্ধে ছাত্ৰীক অপকৰ্মৰ অভিযোগ

বিদ্যালয়খনৰ সহঃশিক্ষকসকলে সন্দেহ প্ৰকাশ কৰিছে যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰমোদ বৰ্মনে অংক ছাৰক সহায় কৰি আছে। যদি সহায় নাথাকিলহেতেন, তেন্তে পলাতক শিক্ষকজন বিদ্যালয়ৰ পঞ্জীয়ন বহীত কেনেকৈ চহী কৰিব পাৰে? এই সন্দেহজনক ঘটনাৰ পিছতেই বৰমা আৰক্ষীয়ে বিদ্যালয়ত উপস্থিত হৈ শিক্ষকৰ উপস্থিতিৰ পঞ্জীয়ন বহী জব্দ কৰাৰ লগতে প্ৰধান শিক্ষকগৰাকীকো জেৰা চলাইছে। পলাতক গুণ গোবিন্দ ডেকাৰ বিৰুদ্ধে ইতিমধ্যে POCSO (Protection of Children from Sexual Offences Act) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে দীৰ্ঘদিন ধৰি শিক্ষকগৰাকীক গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈ সফলতা নাপালে। এই ঘটনাই বিদ্যালয়খনৰ পৰিবেশ প্ৰশ্নৰ সন্মুখীন কৰিছে আৰু অভিভাৱকসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে।