Pahelgam attack in Kashmir : কাশ্মীৰৰ পাহেলগাম — এখন ধুনীয়া পৰ্যটকস্থলী। কিন্তু ২০২৫ চনৰ ২২ এপ্ৰিল তাৰিখে এই ভূমিত নৃশংস সন্ত্রাসবাদী আক্ৰমণ দেখা গ’ল, যিয়ে সমগ্ৰ দেশৰ হৃদয় কঁপাই তুলিছে। পৰ্যটনৰ এই শান্তিপূর্ণ ঠাই মুহূৰ্ততে পৰিণত হ’ল দুখ, ভয় আৰু আতংকৰ ক্ষেত্ৰত। সাধাৰণতে য’ত পৰ্যটকৰ হাঁহি আৰু আনন্দৰ শব্দ বতাহত প্ৰতিধ্বনিত হৈছিল, তাত হঠাতে গুলীৰ শব্দে আকাশ বিদীর্ণ কৰিলে। পৰ্যটকসকল সন্ত্রাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাৰ লক্ষ্য হ’ল, এই নৃশংস আক্ৰমণত প্ৰাণ হেৰুৱালে ২৭ গৰাকী, যাৰ ভিতৰত আছিল দুজন বিদেশী পৰ্যটকো আছিল ।

Table of Contents
পাহেলগামৰ বাসাৰান ভেলী(Basaran Valley)ত খোজকাঢ়ি বা ঘোঁৰাৰ সহায়তহে যাব পাৰি, সন্ত্রাসবাদী আক্ৰমণৰ সময়ত সেই ঠাইৰ পৰা ঘূৰি অহাৰ কোনো সুবিধা নাছিল। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সেনাৰ পোছাক পৰিধান কৰি সন্ত্ৰাসবাদীয়ে পৰ্যটককেইজনৰ ওপৰত গুলীচালনা কৰে। এই আক্ৰমণত দুজন বিদেশীকে ধৰি ২৭জন নিৰীহ পৰ্যটকৰ মৃত্যু হয়।
Pahelgam attack in Kashmir: নৱদম্পতি নেভী বিষয়া বিনয় নাৰৱাল
ভাৰতীয় নৌসেনাৰ ২৬ বছৰীয়া লেফটেনেণ্ট বিনয় নৰৱাল এই আক্ৰমণত নিহত হয়। মাত্ৰ পাঁচ দিন আগতে তেওঁৰ বিয়া হৈছিল। কাশ্মীৰ ভ্ৰমণলৈ যোৱা বিনয় আৰু তেওঁৰ পত্নীৰ বাবে সেয়া এক স্মৰণীয় যাত্ৰা হ’ব লাগিছিল। কিন্তু সন্ত্রাসবাদে সেই সুখৰ পৰিকল্পনাক চকুপানীৰ কাহিনীত পৰিণত কৰিলে।

প্ৰতিক্ৰিয়া আৰু তদন্ত
কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাই তৎকালীনভাৱে বৃহৎ ‘কাৰ্ডন এণ্ড চাৰ্চ’ অভিযান আৰম্ভ কৰিছে। পাকিস্তান সমৰ্থিত সন্দেহযুক্ত সংগঠন “দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে” এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই ঘটনাই এটা গুৰুত্বপূর্ণ প্ৰশ্ন তুলিছে—এতিয়া কাশ্মীৰক “নিৰাপদ” বুলি ক’ব পাৰিনে?
এইটো ইতিহাসৰ আটাইতকৈ বৃহৎ সন্ত্রাসী আক্ৰমণ নহয় যদিও, ইয়াৰ সাংকেতিক অৰ্থ বহুত গভীৰ। কাৰণ পাহেলগাম আমাৰামাথ(Amaramath) যাত্ৰাৰ মূল পথ আৰু দেশ-বিদেশৰ পৰ্যটকৰ বাবে নিৰ্ভৰযোগ্য পৰ্যটকস্থলী হিচাপে জনাজাত।
বিচাৰ আৰু আশাৰ আৱেগ
বিনয়ৰ দেউতাকে সংবাদমাধ্যমত ক’লে, “যাক লৈ জীৱন গঢ়িছিলোঁ, সেয়ে আঁতৰি গ’ল… এতিয়া মাথোঁ বিচাৰ বিচাৰিছোঁ।” সমগ্ৰ দেশ তেওঁলোকৰ লগত আছে, আৰু এই হত্যাকাণ্ডৰ ন্যায় বিচাৰি মাত মাতিছে।
উপসংহাৰ
কাশ্মীৰে নিজকে শান্তি আৰু পৰ্যটনৰ ঠাই হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। কিন্তু এই ধৰণৰ আক্ৰমণ সেই প্ৰচেষ্টাৰ ওপৰত প্ৰশ্নচিহ্ন আনে। এতিয়া প্ৰশ্ন এটা—কাশ্মীৰ পুনৰ সঁচাকৈয়ে অতিথিৰ বাবে সুৰক্ষিত হ’ব পাৰে নে?
লগতে পঢ়ক – Sachin Tendulkarৰ জন্মদিন: শোক আৰু ক্ৰিকেটৰ স্মৃতি
Leave a Reply