India win: ভাৰতৰ জয় NZ vs IND আজিৰ ডুবাইত অনুষ্ঠিত ICC ফাইনেলত। এটোপি দুটোপি কৈ এদিন সাগৰ হয় তাৰ প্ৰমাণ দিলে ভাৰতৰ ৰোহিত বাহিনী ক্ৰিকেট দলে। এক এক কৈ ধীৰে ধীৰে ৰাণ সংগ্ৰহ কৰি সৰ্বশেষত নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়ন ট্ৰফীৰ খিতাপ অৰ্জন কৰে।
ভাৰত জয়ী (India win) খেল খনত NZ এ টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। পিছত তেওঁলোকে বান্ধি দিয়া 251/7 ভেটা ভাৰতৰ পক্ষে অলপ কষ্টকৰ হৈছিল যদিও, ৰোহিত শৰ্মাৰ দিঘলীয়া সংঘৰ্ষ আৰু শেষত কে এল ৰাহুল আৰু জাদেজাৰ যুতিয়ে ভাৰতক জয় হোৱাৰ সপোন পূৰ্ণ কৰে। শেষৰ 4 যোগেদি ভাৰতে 254/6 জৰিয়তে চেম্পি়ন ট্ৰফী খিতাপ লাভ কৰে।
ভাৰতৰ জয় (India win) হোৱাৰ লগতে NZ vs IND খেল খনৰ প্লয়েৰ অফ দা মেচৰ খিতাপ লাভ কৰে ৰোহিত শৰ্মা আৰু প্লেয়াৰ অফ দা টুৰ্ণামেণ্ট লাভ কৰে ৰচিন ৰবীন্দ্ৰ (NZ)।
Pingback: WPL 2025: MI Vs RCB, মুম্বাই ইণ্ডিয়ান্সৰ বলিং নিৰ্বাচন, RCB ৰ তিনিটা পৰিৱৰ্তন - AXOMIYA KHOBARAXOMIYA KHOBAR