অসম আৰক্ষী নাগালেণ্ডত আৱদ্ধ

অসম আৰক্ষী অসম আৰক্ষী নাগালেণ্ডত আৱদ্ধ: গাড়ী চুৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল নাগালেণ্ডৰ ইয়া চাং চি বস্তিত টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাৰাম ফুকন সহ এটা বেটেলিয়নৰ দল। যোৱা কালি সন্ধিয়া(২০২৫,৭ জানুৱাৰী মঙ্গলবাৰে) যোৱা আৰক্ষী বিষয়াজনক আৱদ্ধ কৰে নগা দুৰবৃত্তয়ে।

অসম আৰক্ষী নাগালেণ্ডত আৱদ্ধ, টীয়ক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাৰাম ফুকন

আৰক্ষী দলটোৰ সৈতে যোৱা টীয়ক থানাৰ অচিজনকো আৱদ্ধ কৰে নগা দুৰবৃত্তয়ে। এগৰাকী আৰক্ষী বেটেলিয়নক নগা দুৰবৃত্তৰ দলে আক্ৰমণ কৰে, গুৰুতৰভাবে আহত আৰক্ষী জোৱানজন ৷

তিনিচুকীয়া এজন ১২ বছৰীয়া কিশোৰ সন্ধানহীন

তিনিচুকীয়া চলিহা নগৰ সন্ধানহীন কিশোৰজনৰ নাম সুভাষ ৰাম বুলি জানিব পৰা গৈছে। পৰিয়ালে অৱগত কৰে যে, ১২ বছৰীয়া কিশোৰ জন যোৱা ২০২৫,৭ তাৰিখ মঙ্গলবাৰে পুৱা ৭ বজাৰ পৰা  সন্ধানহীন। কিশোৰজনৰ পিতৃৰ নাম মাহিন্দ্ৰ ৰাম।

তিনিচুকীয়া এজন ১২ বছৰীয়া সন্ধানহীন কিশোৰ সুভাষ ৰাম আৰু তেওঁৰ মাতৃ

কিশোৰজন ৭ তাৰিখে পুৱা ৭ বজাত  মিছনপাৰাত থকা ব্যক্তিগত শিক্ষকৰ ওচৰত টিউচন কৰিবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে । তেখেতৰ পৰিয়ালে ইতিমধ্যে তেওঁলোকৰ দ্বিতীয় পুত্ৰ সন্তানক বিচাৰি আৰক্ষী কাষ চাপিছে যদিও বৰ্তমানে কিশোৰজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকৰ ঘৰখনত এক চিন্তাৰ আৰু কান্দোনৰ পৰিবেশৰ সৃষ্টি হৈছে, ২৪ ঘণ্টা সময় উকলি যোৱাৰ পিছতো সন্তানৰ কোনো সূংসূত্ৰ লাভ কৰা নাই।

ভাৰতত HMPV ভাইৰাছৰ কেছসমূহ: তামিলনাডুত দুটা স্থিৰ কেছ মনিটৰিংত

তামিলনাডু স্বাস্থ্য বিভাগে সাম্প্ৰতিকভাৱে দুটা HMPV (মানৱ মেটাপনিউম’ভাইৰাছ) সংক্ৰমণৰ কেছৰ কথা প্ৰকাশ কৰিছে। চেন্নাই আৰু ছালেমৰ পৰা অহা এই কেছ দুটাই ৰাজ্যখনত প্ৰথম বাৰৰ বাবে চিনাক্ত হৈছে। যদিও স্বাস্থ্য বিষয়া সকলোৱে জনাইছে যে সংক্ৰমিত ব্যক্তিসকলৰ অৱস্থা স্থিৰ আৰু তেওঁলোকৰ ওপৰত সততে নজৰ ৰাখা হৈছে।

HMPV ভাইৰাছৰ

HMPV কি?

মানৱ মেটাপনিউম’ভাইৰাছ (HMPV) এটা শ্বাস-প্ৰশ্বাসৰ ভাইৰাছ, যি ২০০১ চনত প্ৰথম বাৰৰ বাবে চিনাক্ত হৈছিল। এই ভাইৰাছটো পেৰামিক্স’ভিৰিদি পৰিয়ালৰ অন্তৰ্গত, আৰু ৰেচ্পিৰেটৰি চিঞ্চাইটিয়েল ভাইৰাছ (RSV)-ৰ দৰে। সাধাৰণতে, এই ভাইৰাছৰ সংক্ৰমণ মৃদু আৰু নিজৰ পৰা সুস্থ হয়। কিন্তু, কেতিয়াবা এই ভাইৰাছৰ ফলত শিশুসকল, বয়স্কসকল আৰু দুৰ্বল প্ৰতিৰোধ ক্ষমতা থকা লোকৰ বাবে গুৰুতৰ সমস্যা দেখা দিব পাৰে।

তামিলনাডুত HMPV কেছৰ বিৱৰণ

তামিলনাডু স্বাস্থ্য বিভাগে, অতিৰিক্ত মুখ্য সচিব সুপ্ৰিয়া সাহুৰ এটি বিজ্ঞপ্তিত জনাইছে যে চেন্নাই আৰু ছালেমৰ পৰা দুজন ব্যক্তি এই ভাইৰাছৰ সংক্ৰমণত ভুগিছে। আৰম্ভণিতে, দুয়োটা কেছ চেন্নাইৰ বুলি কোৱা হৈছিল। পিছত জানিব পৰা গৈছিল যে এটি কেছ চেন্নাইৰ আৰু আনটো ছালেমৰ।

দুয়ো ব্যক্তিৰ অৱস্থা বৰ্তমান স্থিৰ আৰু তেওঁলোকৰ উপযুক্ত চিকিৎসা চলি আছে। তদুপৰি, ৰাজ্যখনত শ্বাস-প্ৰশ্বাসৰ ভাইৰাছৰ সংখ্যা বৰ্ধমান হৈছে বুলি বিশেষ চিন্তা কৰা হোৱা নাই।

HMPVৰ লক্ষণ আৰু চিকিৎসা

HMPVৰ লক্ষণ সাধাৰণ ঠাণ্ডা বা জ্বৰৰ দৰে হ’ব পাৰে, যেনে:

  • কফ।
  • জ্বৰ।
  • নাক বন্ধ হোৱাৰ সমস্যা।
  • শ্বাস-প্ৰশ্বাসৰ কষ্ট।

সাধাৰণতে, এই লক্ষণসমূহ কিছুমান দিনৰ ভিতৰত সুস্থ হয়। চিকিৎসা সন্মিলিত হয়:

  • পৰ্যাপ্ত পানী খাব।
  • বিশ্ৰাম ল’ব।
  • জ্বৰ নিয়ন্ত্ৰণৰ বাবে সাধাৰণ ঔষধ।
    গুৰুতৰ ক্ষেত্ৰত চিকিৎসকৰ তৎক্ষণাৎ সহায়ৰ প্ৰয়োজন।

ভাৰতত HMPV সংক্ৰমণৰ প্ৰাসংগিকতা

যদিও তামিলনাডুত প্ৰথম বাৰৰ বাবে চিনাক্ত কৰা হৈছে, ভাৰতৰ বিভিন্ন স্থানত এই ভাইৰাছৰ সংক্ৰমণৰ বিভিন্ন কেছ দেখা গৈছে। সাধাৰণতে, এই ভাইৰাছৰ সংক্ৰমণ মৃদু আৰু জটিলতা নোহোৱা দেখা যায়। এই ভাইৰাছ বসন্তৰ সময়ত বেছি প্ৰচলিত হয়।

তামিলনাডু স্বাস্থ্য বিভাগৰ পদক্ষেপ

ৰোগ পৰিচালনাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে সজাগতা বজাই ৰাখিছে। স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহ হৈছে:

  • সংক্ৰমিত লোকৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখা।
  • শ্বাসজনিত লক্ষণ দেখা পালে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ উৎসাহিত কৰা।
  • ৰোগ সংক্ৰমণ ৰোধ কৰিবলৈ জনসাধাৰণক সজাগ কৰা।

HMPVৰ পৰা সুৰক্ষাৰ উপায়

HMPVৰ বিশেষ ভেকচিন বা এন্টিভাইৰেল ঔষধ নাই, কিন্তু আপোনাৰ সুৰক্ষাৰ বাবে এই সচেতনতা অৱলম্বন কৰিব পাৰি:

  • হাত ধুই চাফা ৰাখা।
  • ৰোগৰ লক্ষণ থকা লোকৰ পৰা দূৰত থাকক।
  • নিয়মীয়াকৈ ব্যৱহৃত সঁজুলিৰ পৰিষ্কাৰ কৰি থোৱা।
  • জনসমাগমস্থলীত মাস্ক পিন্ধা।

সাধাৰণ জনসাধাৰণৰ বাবে সতৰ্কতা

তামিলনাডু স্বাস্থ্য বিভাগৰ সজাগ পদক্ষেপে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰদর্শন কৰে। যদিও এই ভাইৰাছ সম্প্ৰতি চিন্তা কৰিবলগীয়া নহয়, সজাগতা আৰু প্ৰতিকাৰমূলক ব্যৱস্থা অত্যন্ত প্ৰয়োজনীয়।

তামিলনাডুৰ পৰা আহা HMPV  ভাইৰাছৰ প্ৰথম কেছই ৰোগৰ বোধশক্তি বৃদ্ধি কৰিবলৈ সহায় কৰিব। এইক্ষেত্ৰত জনসচেতনতা আৰু সঠিক পদক্ষেপে ৰোগৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব।

গীৱন অভয়াৰণ্যত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এগৰাকী মহিলাৰ

গীৱন অভয়াৰণ্যৰ কাষৰ দিহিঙ্গীয়াপাৰ চাহ বাগিচাৰ এগৰাকী মহিলাৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয়। চাৰি গৰাকী মহিলাৰ লগতে এজন ফেৰিৱলাৰ প্ৰাণ ৰক্ষা পৰে বনৰীয়া হাতীৰ পৰা । 

Red and Black Neon Modern Skull Hoodie Gaming YouTube Thumbnail 1 2

গীৱন অভয়াৰণ্যৰ বন্যহস্তীৰ প্ৰায়েই আক্ৰমণৰ বলী হয় দাতি কাষৰীয়া অঞ্চল সমূহ। দিহিঙ্গীয়াপাৰ চাহ বাগিছাৰ পাঁচ গৰাকী মহিলা গীৱন অভয়াৰণ্যত শুকান খৰি বিচাৰি গৈছিল । খৰি বিচাৰি থাকোঁতে হঠাৎ বন্যহস্তীয়ে আক্ৰমণ কৰে। ফলত চাৰিগৰাকী মহিলাৰ প্ৰাণ ৰক্ষা পৰে কিন্তু দিনতে একেলগে খৰি বিচাৰিবলৈ যোৱা এগৰাকী মহিলা আন্ধাৰ হোৱা লৈকে নিৰুদ্দেশ হৈ থাকে । বন বিভাগে নিশালৈকে উদ্ধাৰ হোৱা বাকী চাৰি গৰাকী মহিলাৰ সহযোগত নিৰুদ্দেশ হোৱা মহিলা গৰাকীক বিচাৰ অভিযান অব্যাহত ৰাখে। মহিলা চাৰি গৰাকী ক্ৰমে মাৰীয়াম ৰজক, ৰীতা মাহিলী, পূৰ্ণী কৰ্মকাৰ আৰু সুমন মুণ্ডা। এই চাৰিগৰাকী মহিলা বন্যহস্তীৰ পৰা প্ৰাণ ৰক্ষা কৰি নিজা গৃহত হুকুলমে উপস্থিত হয়। পিছত নিৰুদ্দেশ হোৱা মহিলগৰাকী অঞ্জনা চামচিক নিজা গৃহত নোপোৱাত বিচাৰ খুচাৰ আৰম্ভ হয়।

গীৱন অভয়াৰণ্যৰ মাজেদি যোৱা ঐতিহাসিক ধোদৰআলিৰ পথচাৰি প্ৰায়েই বন্যহস্থী আক্ৰমণৰ বলী হয়। এই পথতে গীৱনৰ পৰা ওলাই অহা হস্তীয়ে এগৰাকী বৃদ্ধ ফেৰিৱলা মহাবীৰ মহত্বকো আক্ৰমণ কৰিছিল। তেওঁ সুযোগ বুজি তাৰ পৰা পলাই অহাতহে তেওঁৰ প্ৰাণ ৰক্ষা পৰে।

আনহাতে বনবিভাগে বিচাৰ অভিযান গীৱন অভয়াৰণ্যৰ মাজত অব্যাহত ৰাখি থাকোঁতে হঠাৎ তেওঁলোকক এটা মৃতদেহ দৃষ্টিগোচৰ হয়। সেই মৃতদেহ উদ্ধাৰ কৰি আনৰ পাছত পৰিয়াল তথা বনবিভাগক সহযোগিতা কৰা মহিলাসকলে মহিলা গৰাকী অঞ্জনা চামচি হয় বুলি চিনাক্ত কৰে।

পৰ্বতীয়া ঠাকুৰবাৰীৰ সম্পূৰ্ণ ইতিহাস

পৰ্বতীয়া ঠাকুৰবাৰী হিন্দু ৰ্ধমৰ লোকসকলৰ উপাসনা কৰা ঠাই – Parbatia Thakurbari is a place of worship for the Hindus

Parbatia Thakurbari: পৰ্বতীয়া ঠাকুৰবাৰী হিন্দু ৰ্ধমৰ লোকসকলৰ উপাসনা কৰা ঠাই। পৰ্বতীয়া ঠকুৰবাৰী যোৰহাট চহৰৰ পৰা পশ্চিমে প্ৰায় ৮ কিঃমিঃ নিলগৰ পৰ্বতীয়া গাওঁত অৱস্থিত।  বছৰ বছৰ ধৰি বৃটিছৰ শাসন কালতে অহা কেইঘৰ মান নুনীয়া সম্প্ৰদায়ৰ প্ৰাক্তন চাহ শ্ৰমিক সকলৰ দ্বাৰা পৰ্বতীয়া ঠকুৰবাৰী নিৰ্মাণ কাৰ্য্য সমাধা হয়। ঠাকুৰবাৰীত সকলো দেব-দেবীৰ পূজা যেনে, গণেশ পূজা, বিষ্ণু পূজা, শিৱৰাত্ৰি, জন্মাষ্টমী, লক্ষ্মী পূজা, দুৰ্গা পূজা, হনুমান জয়ন্তী ইত্যাদি হয়। প্ৰতিদিনে পুৱা আৰু গধূলি ধূপ-ধূনাৰে ঠাকুৰবাৰী আলৌকিক হৈ থাকে। পৰ্বতীয়া ঠকুৰবাৰী প্ৰতিদিনে ওচৰ-চুবুৰীয়া আৰু দুৰ-দুৰণিৰ দৰ্শন অভিলাষী ভক্তৰে পৰিপূৰ্ণ হৈ থাকে।

Parbatia Thakurbari

Parbatia Thakurbari

পৰ্বতীয়া ঠাকুৰবাৰী স্থাপন – Establishment of mountain Thakurbari

পূৰ্বতে চুবুৰীয়া কেইঘৰ মান লোকে একে লগে একে ঠাইতে পুজা অৰ্চনা কৰিছিল ৷ পিছলৈ তেওঁলোকে সমাজৰ সৎ তথা উন্নতিৰ আলোচনা, সভা আদি পূজা অৰ্চনা কৰা ঠাইতে কৰিবলৈ ল’লে ৷ শেষত ২০০৪ চনত সেই ভজপূৰি নুনীয়া সম্প্ৰদায়ৰ প্ৰাক্তন চাহ শ্ৰমিক সকলে এক নিজস্ব আলোচনাৰ মাজৰে বাহঁৰে সাজি এটা স্থায়ী মন্দিৰ নিৰ্মাণ কৰে আৰু পৰ্বতীয়া ঠাকুৰবাৰী নামেৰে নামাঙ্কন কৰে ৷ পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণত প্ৰথম উদ্যোগী ব্যক্তি সকলৰ নাম ক্ৰমান্বয়ে কাশীনাথ মহতো, জয় প্ৰকাশ মহতো, উত্তম মহতো, দক্ষিণ মহতো, শংকৰ লাল মহতো, প্ৰকাশ মহতো, শ্ৰীনাথ মহতো, ৰাজু মহতো, ভীম মহতো, পদ্মেশ্বৰ মহতো, বলেশ্বৰ, মনুজ, আকাশ, শ্ৰীবান, চহন, হৰিলাল, পুৰণ, দেবব্ৰত, সঞ্জীৱ, ৰাজু, ৰাজা, বিজয়, বুছী, ইন্দু, ধনতুলি আৰু বহুতো ৷

পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণৰ প্ৰথম সিদ্ধান্ত ঁ মোহন লাল মহতোৰ চোতালত আলোচনাৰ মাধ্যমেৰে গ্ৰহণ কৰা হয় ৷ পিছলৈ ঠাকুৰবাৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভেটি-মাটি ঁ মোহন লাল মহতোৰ পৰিয়ালৰ পৰা ঠাকুৰবাৰী নিৰ্মাণ কমিটিয়ে সুলভ মূল্যত ক্ৰয় কৰি ঠাকুৰবাৰী নিৰ্মাণ কাৰ্য্য সমাধা কৰে ৷ অৱশ্যে পৰ্বতীয়া ঠাকুৰবাৰী বাঁহেৰেই নিৰ্মাণ কৰা হ’ল আৰু আজিও বাঁহৰ বেৰ আৰু টিংৰ ছালিৰে গাওঁখনৰ শুভা বৃদ্ধি কৰি আছে ৷ ২০১৪ চনত পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণ কৰা লোকসকলে ঠাকুৰবাৰীত ভগৱান বিষ্ণুআৰু লক্ষ্মীৰ প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা কৰে ৷ এই প্ৰাণ প্ৰতিষ্ঠা পৰ্বত ব্ৰহ্মপুত্ৰৰ পানী কলহত লৈ এক বৃহৎ পদ যাত্ৰা গাওঁ সমূহৰ মাজে মাজে কৰে ৷ ২০০৪ চনতে নিৰ্মিত ঈশ্বৰ উপাসনা কৰা পবিত্ৰ ঠাকুৰবাৰীলৈ বৰ্তমানৰ কাৰ্যবাহী চৰকাৰৰ চকু আজিও পৰা নাই।

পৰ্বতীয়া ঠাকুৰবাৰী সহযোগিতা আৰু বৰঙনি – Parbatia Thakurbari Collaboration and Contribution

যি সকল ব্যক্তিৰ প্ৰচেষ্টাত যোৰহাট চহৰৰ পশ্চিমে প্ৰায় ৮ কিঃমিঃ নিলগৰ পৰ্বতীয়া গাওঁত পৰ্বতীয়া ঠাকুৰবাৰী প্ৰাণ পায় উঠিল সেই সকল ব্যক্তি আৰ্থিক ভাবে দুৰ্বল কিন্তু কৰ্ম ক্ষেত্ৰত যথেষ্ট আগৰণুৱা ৷ সেইহে ঠাকুৰবাৰী নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ পৰ্বতীয়া গাওঁখনৰ বাহিৰেও কেইবাখনো গাওঁ, (ভাতেমৰা, সাহপুৰিয়া, চাৰিঙিয়া, পুৰণিমাটি, চকালাটিং, কৰাইখোৱা, ম’হবন্ধা) চহৰ আৰু কেইবাখনো জিলাৰ পৰাও আৰ্থিক বৰঙনি লগতে সহযোগিতাও লাভ কৰিছিল ৷ শিৱসাগৰ, ডিব্ৰুগড়, মৰাণ, তিনিচুকীয়া, গোলাঘাট, নগাঁও, তেজপুৰ ইত্যাদি জিলাৰ ৰাইজৰ সহযোগিতাও কম – বেছি পৰিমাণে পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণৰ ক্ষেত্ৰত পোৱা হৈছিল ৷ আজিও ইচ্ছুক ব্যক্তি তথা ঠাকুৰবাৰী দৰ্শনকৰী সকলে পৰ্বতীয়া ঠাকুৰবাৰী নিৰ্মাণৰ স্বাৰ্থত দান – বৰঙনি আগবঢ়াই থাকে ৷ আপুনি যদি আজিও যোৰহাট চহৰৰ, পৰ্বতীয়া গাওঁত অৱস্থিত পৰ্বতীয়া ঠাকুৰবাৰী দৰ্শন কৰা নাই, তেন্তে এবাৰ দৰ্শন কৰক ৷

CM Himanta Bishwa Sharma আজি Kawaimariত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি চামগুৰিৰ কাৱৈমৰীৰ অভিনন্দন সভাত উপস্থিত থাকে।
CM (Chief Minister) গৰাকীয়ে পূৰ্বতে কাৱৈমৰী ৰাইজক দিয়া কথা আজি পূৰ্ণ কৰিলে।

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত মূখ্যমন্ত্ৰী ই কথা দিছিল যদি চামগুৰি সমষ্টিত BJP প্ৰাৰ্থী নজয়ী হয় তেন্তে তেওঁ পুনৰ চামগুৰি লৈ আহিব।

নিৰ্বাচনী সভাত কাৱৈমৰীৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে যি কথা দিছিল সেই কথা সম্পূৰ্ণ কৰিলে।

লগতে মুখ্যমন্ত্ৰীয়ে কাৱৈমাৰী ৰাইজক দিলে কেইবাটাও উপহাৰ।

আজি কাৱৈমাৰীত নিৰ্বাচনৰ বিজয় উৎসৱত উপস্থিত হৈ ৰকিবুল হুছেইনৰ বিপক্ষে বিভিন্ন কাতাক্ষ মন্তব্য কৰে। লগতে তেওঁ ৰকিবুল হুছেইনক চানা বিক্ৰী কৰাৰ কথাও কয়।