New Aadhaar App: কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে(Ashwini Vaishnav) নতুন দিল্লীত নতুন আধাৰ এপ’ৰ শুভাৰম্ভ কৰে। এই এপৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে QR ক’ড স্কেন আৰু মুখমণ্ডল চিনাক্তকৰণ (Face ID)ৰ সহায়ত নিজৰ আধাৰ তথ্য ডিজিটেলভাৱে পৰীক্ষা(verify) কৰে আৰু শ্বেয়াৰ কৰিব পাৰে, যাৰ বাবে ফিজিকেল কাৰ্ড বা ফটোকপিৰ প্ৰয়োজন নাথাকে।

কেন্দ্ৰীয় চৰকাৰৰ নতুন আধাৰ এপ(New Aadhaar App) উদ্বোধন:
New Aadhaar Appটোৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল:
- QR ক’ড ভিত্তিক তৎক্ষণাত পৰিচয় পৰীক্ষা(verify) কৰা ।
- মুখমণ্ডল চিনাক্তকৰণৰ জৰিয়তে সুৰক্ষিত প্ৰমাণীকৰণ(Authentication)।
- ব্যৱহাৰকাৰীৰ অনুমতিৰ ভিত্তিত কেৱল প্ৰয়োজনীয় তথ্যহে শ্বেয়াৰ কৰা হয়, যাৰ ফলত ব্যক্তিগত তথ্যৰ সুৰক্ষা নিশ্চিত হয়।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, এই এপে আধাৰ পৰীক্ষা কৰা(verification) UPI পেমেন্টৰ দৰে সহজ কৰি তুলিব।
এই নতুন ব্যৱস্থাৰে, হোটেল, দোকান, বিমানবন্দৰ আদি ঠাইত আধাৰৰ ফটোকপি জমা দিয়াৰ প্ৰয়োজন নাথাকে; QR ক’ড স্কেন কৰি মোবাইলৰ জৰিয়তে পৰিচয় পৰীক্ষা(verify) কৰিব পাৰি।
এপটোৰ বিটা সংস্কৰণ(beta version) এতিয়া উপলব্ধ, আৰু অতি সোনকালে সকলোৰে বাবে মুকলি কৰা হ’ব।
লগতে পঢ়ক – অসম HSLC Result 2025 ইয়াত চাব পাৰিব
Leave a Reply