Joe Biden Prostate Cancer: পূৰ্বতন আমেৰিকান ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ষ্টেজ-৪ (Stage 4) প্ৰ’ষ্টেট কেঞ্চাৰ ধৰা পৰা খবৰটোৱে ৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া আৰু বিশ্বজুৰি চৰ্চাৰ সৃষ্টি কৰিছে। কেঞ্চাৰটো ইতিমধ্যেই তেওঁৰ হাড়লৈ বিস্তাৰ হোৱা বুলি জানিবলৈ পোৱা গৈছে। এই খবৰে ৰোগৰ অগ্ৰগতি, চিকিৎসাৰ স্বচ্ছতা আৰু আগতীয়া পৰীক্ষাৰ গুৰুত্বৰ বিষয়ে গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।

Table of Contents
Joe Biden Prostate Cancer: হঠাৎ ঘোষণা নে বহুদিনৰ গোপনতা?
বাইডেনৰ কেঞ্চাৰ ‘গ্লীচেন স্ক’ৰ’ত ৯ নম্বৰত ৰেট কৰা হৈছে, যি এটা অতি আগ্ৰাসী আৰু ডাঙৰ সংকটৰ সূচক। চিকিৎসা বিশেষজ্ঞ ড° ষ্টিভেন কোৱে সামাজিক মাধ্যমত ক’লে, “এনে আগ্ৰাসী প্ৰ’ষ্টেট কেঞ্চাৰ সাধাৰণতে ৫-৭ বছৰত হাড়লৈ বিস্তাৰ হয়, বিশেষকৈ যদিহে চিকিৎসা নোহোৱাকৈ থাকে।”
এই মন্তব্যৰ পিছতেই সন্দেহ জন্মিছে—বাইডেন হয়তো বহুদিন আগতেই ৰোগত আক্ৰান্ত হৈছিল আৰু সেই তথ্য ৰাজহুৱা কৰা হোৱা নাছিল।

ৰাজনৈতিক বিতৰ্ক আৰু জনসাধাৰণৰ প্ৰতিক্ৰিয়া
এই ৰোগৰ তথ্য প্ৰকাশৰ পিছত ড’নাল্ড ট্ৰাম্প জুনিয়ৰে প্ৰশ্ন তোলে—”ডাঃ জিল বাইডেনে এনে গুৰুত্বপূৰ্ণ লক্ষণ কেনেকৈ নজনাকৈ আছিল?” তেওঁৰ মন্তব্যই সামাজিক মাধ্যমত বিতর্কৰ সৃষ্টি কৰিছে। বাইডেনৰ চিকিৎসক দলে এই ৰোগৰ বিষয়ে আগতিয়াকৈ জানিছিল আৰু ৰাইজৰ পৰা লুকুৱাইছিল?
Stage 4 প্ৰ’ষ্টেট কেঞ্চাৰ—চিকিৎসাযোগ্য নে?
বিশেষজ্ঞসকলে কৈছে—যেতিয়া কেঞ্চাৰ হাড়লৈ বিস্তাৰিত হয়, সেয়া আৰোগ্য নহ’ব পাৰিলেও নিয়ন্ত্ৰণযোগ্য।
ডাঃ ক্ৰিছ জৰ্জে(Northwestern Health Network) কয়, “সঠিক চিকিৎসাৰে ৰোগীৰ আয়ু ২-৫ বছৰতকৈ অধিকো হ’ব পাৰে।”
হৰম’ন থেৰাপী (Androgen Deprivation Therapy – ADT) প্ৰাৰম্ভিক চিকিৎসা হিচাপে ব্যৱহৃত হয়। ড° জামিন ব্রাহ্মভাটৰ মতে, “এই থেৰাপীৰ উদ্দেশ্য হ’ল শৰীৰৰ টেষ্টষ্টেৰন হ্ৰাস কৰি কেঞ্চাৰৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা ।
বাইডেনৰ লক্ষণ আগতে দেখা গৈছিল নেকি?
একাংশই দাবী কৰিছে যে যোৱা বছৰ বাইডেনে ভাষণৰ সময়ত ভুল কৰিছিল, এইবোৰ কেঞ্চাৰৰ বাবে নহয়।চিকিৎসক ডাঃ জৰ্জৰ মতে এইবোৰ বয়সৰ লগত জড়িত হ’ব পাৰে। ড° প্ৰশান্ত জৈনৰ (PSRI Hospital, Delhi) মতে, “প্ৰষ্টেট কেন্সাৰ সাধাৰণতে এটা ‘ছাইলেণ্ট কিলাৰ’। বহু ৰোগীয়ে তেওঁলোক আক্ৰান্ত হোৱা বুলিও নাজানে। কিয়নো ইয়াৰ আৰম্ভণিতে কোনো লক্ষণ দেখা নাযায়।”

চিনাক্তকৰণ
PSA (Prostate-Specific Antigen) পৰীক্ষা আৰু ডিজিটেল ৰেকটেল পৰীক্ষা ৫০ বছৰো অধিক বয়সৰ পুৰুষৰ বাবে বছৰি কৰা প্ৰয়োজনীয় বুলি চিকিৎসা গাইডলাইনত কোৱা হৈছে। এই পৰীক্ষাৰে কেঞ্চাৰৰ আগৰ অৱস্থাতে ধৰা পৰে। কিন্তু ডাঃ প্ৰশান্ত জেইনে কয়, বাইডেনৰ দৰে গ্লীচেন স্ক’ৰ ৯ থকা কেঞ্চাৰে কেতিয়াবা ধৰা পৰাৰ আগতেই বিস্তাৰ ঘটে।
ভাৰতৰ ক্ষেত্ৰত প্ৰষ্টেট কেঞ্চাৰ
ভাৰতত স্ক্ৰীনিং অভাৱ, সজাগতাৰ অভাৱ। চিকিৎসক ড° মানদীপ সিঙৰ মতে, “পৰ্যাপ্ত পৰীক্ষাৰ অভাৱত এই ৰোগ পলমকৈ ধৰা পৰে।” প্ৰথম অৱস্থাত হৰম’ন থেৰাপী ব্যৱহাৰ কৰা হয় যদিও কেতিয়াবা কেন্সাৰে সেই থেৰাপীৰ প্ৰতি সঁহাৰি নিদিয়ে, যাৰ বাবে কেমোথেৰাপি বা ব্যক্তিগত চিকিৎসাৰ প্ৰয়োজন হয়।
ৰহস্য আৰু স্পষ্টতা:
বাইডেনৰ চিকিৎসকসকলে কেৱল এইয়াহে প্ৰকাশ কৰিছে যে তেওঁৰ কেঞ্চাৰ হৰম’ন সেনচিটিভ। কিন্তু কেতিয়াৰ পৰা তেওঁ ৰোগত আক্ৰান্ত—এই বিষয়ে স্পষ্ট উত্তৰ পোৱা নাই।
বিশ্বজুৰি প্ৰষ্টেট কেঞ্চাৰ:
২০২০ চনত বিশ্বজুৰি প্ৰায় ১.৪ নিযুত প্ৰষ্টেট কেঞ্চাৰৰ ঘটনা ৰেকৰ্ড কৰা হৈছিল। ২০৪০ চনৰ ভিতৰত এই সংখ্যা ২.৯ নিযুতলৈ বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে।
জ’ বাইডেনৰ ঘটনা বিশ্ববাসীক সচেতন কৰিছে —যিকোনো বয়সত, যিকোনো স্থানত নিয়মিত স্বাস্থ্য পৰীক্ষাই জীৱন বচাব পাৰে।
উপসংহাৰ
জ’ বাইডেনৰ প্ৰষ্টেট কেঞ্চাৰ ৰোগ কেৱল তেওঁৰ ব্যক্তিগত স্বাস্থ্য সংকট নহয়, ই চিকিৎসাৰ স্বচ্ছতা, আগভাগত চিনাক্তকৰণ আৰু ৰাজনৈতিক দায়িত্ববোধ সন্দৰ্ভত গভীৰ প্ৰশ্ন তোলে।
এই ঘটনাই আমাক স্মৰণ কৰায়—নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু সজাগতা।
লগতে পঢ়ক – Weights for Home Gym: হোম জিমৰ বাবে যুৱক-যুৱতীসকলৰ বাবে এটা সম্পূৰ্ণ গাইড
Leave a Reply