আজিৰ (৪ মে, ২০২৫) আইপিএল ২০২৫ৰ ৫৩তম খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছ (KKR Vs RR) মুখামুখি হ’ব কলকাতাৰ ইডেন গাৰ্ডেন্সত। এই খেলটো কেকেআৰৰ বাবে প্লে-অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিবলৈ অত্যন্ত গুৰুত্বপূর্ণ, যেতিয়া ৰাজস্থান ৰয়েলছ ইতিমধ্যে প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হৈছে।

Table of Contents
KKR Vs RR মেচৰ মূল তথ্য:
- তাৰিখ: ৪ মে, ২০২৫ (দেওবাৰ)
- সময়: বিয়লি ৩:৩০ বজাৰ পৰা
- স্থান: ইডেন গাৰ্ডেন্স, কলকাতা
- লাইভ সম্প্রচাৰ: JioCinema এপ আৰু ৱেবছাইট, Star Sports Network
দলসমূহৰ অৱস্থা:
কলকাতা নাইট ৰাইডাৰ্ছ (KKR):
কেকেআৰে এই মেচটো জিকিলে ১৭ পইণ্ট লাভ কৰি প্লে-অফত প্ৰৱেশৰ দিশে আগবঢ়িব। তেওঁলোকৰ আগন্তুক চাৰিখন খেলৰ ভিতৰত দুখন ঘৰুৱা মাটিত হ’ব (এখন আজিৰ ৰাজস্থানৰ বিৰুদ্ধে আৰু এখন চিএছকেৰ বিৰুদ্ধে) আৰু দুখন বাহিৰত (এখন চানৰাইজাৰ্ছ হায়দৰাবাদ বিৰুদ্ধে আৰু এখন আৰচিবিৰ বিৰুদ্ধে)। এই আই পি এলত ঘৰুৱা ক্ষেত্ৰত কেকেআৰে মাত্ৰ এখন মেচত জয়লাভ কৰিছে, সেয়ে আজিৰ খেলত জয় অতি প্ৰয়োজনীয়।
ৰাজস্থান ৰয়েলছ (RR):
ৰাজস্থান ৰয়েলছ ইতিমধ্যে প্লে-অফৰ দৌৰৰ পৰা বাহিৰ হৈছে, কিন্তু তেওঁলোকে কেকেআৰৰ প্লে-অফৰ আশা বিফল কৰিব বিচাৰিব। এই মেচখন তেওঁলোকৰ বাবে গৌৰৱ ৰক্ষা কৰাৰ লগতে নতুন খেলুৱৈক পৰীক্ষা কৰাৰ সুযোগ।

KKR Vs RR: সম্ভাৱ্য Playing XI:
কলকাতা নাইট ৰাইডাৰ্ছ (KKR):
- ৰহমানুল্লাহ গুৰবাজ (উইকেটকীপাৰ)
- সুনীল নাৰাইন
- অজিঙ্ক্য ৰাহানে (কেপটেন)
- ভেঙ্কটেশ আয়াৰ
- ৰিংকু সিংহ
- আংকৃশ ৰঘুৱংশী
- আন্দ্রে ৰাছেল
- ৰোভমেন পোৱেল
- অনুকুল ৰয়
- হৰ্ষিত ৰানা
- ভৰুণ চকৰৱৰ্তী
ৰাজস্থান ৰয়েলছ (RR):
- যশস্বী জয়স্বাল
- ভৈৱৱ সূৰ্যৱংশী
- ৰিয়ান পৰাগ (কেপটেন)
- নিতীশ ৰানা
- ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)
- শিমৰণ হেটমায়াৰ
- জোফ্ৰা আৰ্চাৰ
- মাহীশ থিক্সানা
- কুমাৰ কাৰ্তিকেয়া
- আকাশ মাধৱাল
- ফজলহক ফাৰুকী

পৰিসংখ্যা আৰু ৰেকৰ্ড:
- KKR-ৰ শীৰ্ষ ৰানসংগ্ৰাহক: অজিঙ্ক্য ৰাহানে (১১ মেচত ২৯৭ ৰান)
- KKR-ৰ শীৰ্ষ উইকেটশিকাৰী: ভৰুণ চকৰৱৰ্তী (১০ মেচত ১৩ উইকেট)
- RR-ৰ শীৰ্ষ ৰানসংগ্ৰাহক: যশস্বী জয়স্বাল (১১ মেচত ৪৩৯ ৰান)
- RR-ৰ শীৰ্ষ উইকেটশিকাৰী: যুজবেন্দ্ৰ চাহাল (১০ মেচত ১৮ উইকেট)
বতৰৰ পূৰ্বাভাস:
কলকাতাত মেচৰ সময়ত বৃষ্টিপাতৰ ৫০% সম্ভাৱনা আছে। তাপমাত্রা প্ৰায় ২৭°C হ’ব আৰু আর্দ্ৰতা ৭২%ৰ আশে-পাশে থাকিব। বাতাসৰ গতি প্ৰায় ২২.৭ কিমি/ঘণ্টা হ’ব।
ইডেন গাৰ্ডেন্সৰ পিচ ৰিপৰ্ট:
ইডেন গাৰ্ডেন্সৰ পিচ সাধাৰণতে বেটিংৰ বাবে অনুকূল। ছটা বাউণ্ডাৰী আৰু বল বেটত ভালকৈ আহে। যদি বৃষ্টিপাত হয়, তেন্তে পিচটো অলপ ধীৰ হ’ব পাৰে, যাৰ ফলত বলাৰসকলৰ সহায় হ’ব।
লগতে পঢ়ক – ১৪ বছৰৰ Vaibhav Suryavanshi-এ গঢ়িলে IPL ৰ নতুন ইতিহাস
Leave a Reply