Imran Khan news in Assamese : পাকিস্তানৰ পূৰ্ব প্ৰধানমন্ত্ৰী ইমৰান খানক ভূমি দুৰ্নীতিৰ গোচৰত থকাৰ বাবে ১৪ বছৰৰ কাৰাদণ্ডৰ আদেশ দিলে স্থানীয় আদালতে। শুকুৰবাৰে ৰাৱালপিণ্ডিৰ থকা এখন কাৰাগাৰত স্থানান্তৰ কৰিবলে স্থায়ী আদালতে আদেশ দিয়াৰ বিষয়ে ARY NEWS এ জনাই। এই কাণ্ড Al-QadirTrust ৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা হৈছিল।

ইমৰান খান(Imran Khan) ৰ পত্নী বুশৰা বিবি(Bushra Bibi) কো এই কাণ্ডত জড়িত থকাৰ বাবে ৭ বছৰৰ কাৰাদণ্ডৰ আদেশ দিয়া হৈছে। ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ইমৰান খানক ৰাৱালপিণ্ডিৰ কাৰাগাৰত ৰাখা হৈছে।
পাকিস্তানৰ দুৰ্নীতি বিৰোধী ন্যায়ালয়ৰ নাছিৰ জাভেদ ৰাণা (Nasir Javed Rana) নামৰ ন্যায়াধীশজনে এই আদেশ ঘোষণা কৰে। ক’ভিডৰ বাবেই তিনিবাৰকৈ নিৰদেশৰ ঘোষণা পিছুৱাই আছিল। অৱশেষত ২০২৫ চনৰ ১৩ জানুৱাৰীত এই আদেশ ঘোষণা হয়।
এই বিষয়ে পাকিস্তানৰ (National Accountability Bureau) জাতীয় জৰীপ ব্যুৰো (NAB) এ ২০২৩ চনৰ ডিচেম্বৰত ইমৰান খান(Imran Khan) ভূমি দুৰ্নীতিৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ড(৭২), বুশৰা বিবি(৫০) আৰু ছয়জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ আনিছিল। অভিযোগ অনুসৰি, যুক্তৰাজ্যৰ ন্যাশনেল ক্ৰাইম এজেঞ্চি(UK’s National Crime Agency) য়ে প্ৰেৰণ কৰা ১৯০ মিলিয়ন পাউণ্ড (পাকিস্তানী ৫০ বিলিয়ন ৰুপি)ৰ অপব্যৱহাৰ হৈছিল। ইমৰান খান(Imran Khan) আৰু বুশৰা বিবি(Bushra Bibi)ৰ বিৰোধিতাসহ আন বাকী অভিযুক্ত সকলৰ সলনি বিদেশত থকা এজন ৰিয়েল এষ্টেট টাইকুনৰ কাৰণে এই কাণ্ড সংঘটিত হৈছিল বুলি অভিযোগ কৰা হৈছে।
Imran khan news in Assamese: Al-Qadir Trustৰ কাণ্ডৰ গুৰুত্ব
Imran khan news বৰ্তমান পাকিস্তানত চৰ্চাৰ বিষয় হৈ পৰিছে। এই কাণ্ডত অভিযোগ কৰা হৈছে যে, যুক্তৰাজ্যৰ ন্যাশনেল ক্ৰাইম এজেঞ্চি(UK’s National Crime Agency)ৰ দ্বাৰা জমা কৰা ১৯০ মিলিয়ন পাউণ্ডৰ ফাণ্ড কোনো ৰাজহুৱা উন্নয়নমূলক কামৰ বাবে ব্যৱহাৰ নকৰি ব্যক্তিগত কাৰণে ব্যৱহাৰ কৰা হৈছিল।
ইমৰান খান(Imran Khan) আৰু বুশৰা বিবিক এই ট্ৰাষ্টৰ সঞ্চালক হিচাপে লাভ কৰিলে ৪৫৮ কানল মাটি আল-কাদিৰ বিশ্ববিদ্যালয়ৰ বাবে। কিন্তু ইমৰান খান এই অভিযোগ অস্বীকাৰ কৰিছে আৰু এইবিলাকক ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।
পূৰ্বতেও ইমৰান খানক ২০২২ চনত সংসদীয় ভোটৰ জৰিয়তে পদচ্যুত কৰা হৈছিল। তদুপৰি, দুর্নীতি, বৈবাহিক নীতি লঙ্ঘন আৰু গোপন ত ফাঁদিলৰ অভিযোগত তিনিটা বেলেগ বেলেগ গোচৰত তেওঁ ১০, ১৪, আৰু ৭ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হৈছিল। পাকিস্তানৰ আইন অনুসৰি, সকলো কাৰাদণ্ড একেলগে চলিব, সেয়ে তেওঁৰ সৰ্বাধিক দণ্ডৰ মেয়াদ, অৰ্থাৎ ১৪ বছৰেই কাৰাদণ্ড কাৰ্যকৰী হ’ব। ARY NEWS এ জনিবলে দিয়ে।
Saif Ali Khanৰ বাতৰি পঢ়ক