গোলাঘাটত অবৈধ কাঠ ব্যৱসায়(Illegal timber trade in Golaghat): আঞ্চলিক বনবিভাগে শুক্ৰবাৰে এখন বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰে। দক্ষিণহেঙেৰাত বাবুল আলি নামৰ ব্যক্তিগৰাকীয়ে অবৈধভাৱে এখন কাঠৰ দোকান স্থাপন কৰি বহুদিন ধৰি অবৈধ কাঠ ব্যৱসায় চলাই আছিল।

গোলাঘাটত অবৈধ কাঠ ব্যৱসায়(Illegal timber trade in Golaghat): অভিযান
বনবিভাগৰ গোলাঘাট ৰেঞ্জাৰৰ নেতৃত্বত দলবলে অভিযান চলাই উক্ত দোকানখনৰ পৰা বিভিন্ন প্ৰজাতিৰ কাঠ জব্দ কৰে। জব্দ কৰা কাঠখিনি চাৰিখন বলেৰ’ত ভৰাই বনবিভাগৰ কাৰ্যালয়লৈ নিয়া হয়। লগতে, কাঠ ব্যৱসায়ী বাবুল আলিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। বন বিভাগে এই ধৰণৰ অবৈধ কাঠ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব বুলি সংকেত দিছে।
লগতে পঢ়ক – মৈৰাবাৰী আৰক্ষীৰ অভিযানত প্ৰাক্তন পঞ্চায়ত সভাপতিৰ গ্ৰেপ্তাৰ
Leave a Reply