মধ্য প্ৰদেশৰ দেৱাছ আৰু হৰদা(Dewas and Harda) জিলাৰ ২১ জন শ্ৰমিকৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে গুজৰাটৰ Banaskanthaৰ এক অবৈধ পটাকা ফেক্টৰী(Illegal firecracker factory)ৰ বিস্ফোৰণত। দুৰ্ঘটনাস্থলীত শৰীৰৰ অংশবিশেষ আৰু ৰক্তৰ চাঁদ পৰি থকাৰ ভয়াবহ দৃশ্যবোৰে স্থানীয় লোকক স্তম্ভিত কৰি তুলিছে। বিস্ফোৰণৰ সময়ত ফেক্টৰীটোত ২৫-৩০ জন শ্ৰমিকে কাম কৰি আছিল বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, বহু মৃতদেহ চিনাক্ত কৰাটো কঠিন হৈ পৰিছে।

Table of Contents
অবৈধ পটাকা ফেক্টৰী(Illegal firecracker factory) বিস্ফোৰণ: শোকত ভাগি পৰিছে পৰিয়াল
হৰদা জিলাৰ হান্ডিয়া গাঁৱৰ ৮ জন শ্ৰমিকৰ মৃত্যুৱে গাঁওখনক শোকসাগৰত পেলাইছে। এগৰাকী মাতৃয়ে কান্দি কান্দি কৈছে, “অমাৱস্যাত মোৰ ছোৱালী আৰু দুটা সন্তান গুজৰাটলৈ গৈছিল। আজি ৰাতিপুৱা খবৰ পালো, ফেক্টৰীত বিস্ফোৰণ হৈছে।” বহু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যই এই ফেক্টৰীত কাম কৰিছিল।

অবৈধ কাৰ্যকলাপৰ প্ৰশ্ন
কাৰখানাটোৰ স্বত্বাধিকাৰী খুবচান্দ ৰেনুমল মোহনানী আৰু দীপক ভাইক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চৰকাৰে প্ৰতি শ্ৰমিকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা কৰিছে। অৱশ্যে স্থানীয় ৰাইজে কয় যে কাৰখানাটোত অবৈধভাৱে বিস্ফোৰক সামগ্ৰী সঞ্চয় কৰি ৰখাৰ ফলত দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল।
লগতে পঢ়ক – ২০২৫ চনৰ লাক্ষপতি বাইদেউ তালিকা(Lakhpati Baideo List) অনলাইনত উপলব্ধ
Leave a Reply