HSLC Result 2025, 10 এপ্ৰিলত ঘোষণা কৰিব SEBA, ফলাফল এই ৱেবছাইটত উপলব্ধ

HSLC Result 2025

HSLC Result 2025: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (SEBA) ঘোষণা কৰিছে যে ২০২৫ চনৰ HSLC (দশম শ্ৰেণী)ৰ পৰীক্ষাৰ ফলাফল ১০ এপ্ৰিল তাৰিখে প্ৰকাশ কৰা হ’ব।

HSLC ফলাফল 2025, 10 এপ্ৰিলত ঘোষণা কৰিব
HSLC ফলাফল 2025, 10 এপ্ৰিলত ঘোষণা কৰিব

HSLC Result 2025, এই ফলাফল sebaonline.org আৰু resultsassam.nic.in ৱেবছাইটসমূহত উপলব্ধ থাকিব।

চলতি বৰ্ষত HSLC পৰীক্ষাসমূহ ১৫ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত প্ৰায় ৪ লাখ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ২০২৪ চনৰ HSLC ফলাফল ২০ এপ্ৰিলত প্ৰকাশ পোৱা হৈছিল, কিন্তু ২০২৫ চনৰ HSLC (দশম শ্ৰেণী)ৰ পৰীক্ষাৰ ফলাফল ১০ এপ্ৰিল তাৰিখে প্ৰকাশ কৰা হ’ব। ২০২৪ চনৰ HSLC উত্তীৰ্ণৰ হাৰ আছিল ৭৫.৭ শতাংশ

এইবাৰ HSLC Result 2025 উত্তীৰ্ণৰ হাৰ কিমান হ’ব, সেয়া ফলাফল ঘোষণাৰ পিছতেই জানিব পৰা যাব।ফলাফল চাবলৈ, পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ দিয়াৰ মাধ্যমে উল্লিখিত ৱেবছাইটসমূহত লগিন কৰিব লাগিব।
অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীসকলক SEBA-ৰ চৰকাৰী ৱেবছাইট পৰিদৰ্শন কৰিবলৈ আহ্বান জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *