মৈৰাবাৰী আৰক্ষীৰ অভিযানত এখন পথাৰত নিশা জুৱা খেলি থকা অৱস্থাত চাৰিজন জুৱাৰীকে আটক কৰা হৈছে। আটক হোৱা লোকসকলৰ ভিতৰত এজন প্ৰাক্তন গাঁও পঞ্চায়ত সভাপতিও আছে।

জুৱাৰী কেইজন ক্ৰমে বৰচাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি শ্বৰিফুল ইছলাম, বৰথল কছাৰীগাঁৱৰ আলফাজ উদ্দিন ওৰফে বাবলু, হাতীমূৰীয়া গাঁৱৰ মুজিবুৰ ৰহমান আৰু হাহচৰা গাঁৱৰ হবিবুৰ ৰহমান।
প্ৰাপ্ত তথ্য অনুসৰি, গৰিয়াবড়ী গাঁৱৰ এখন পথাৰৰ মাজত পুৱতি নিশা জুৱা খেলি থকা অৱস্থাতে মৈৰাবাৰী আৰক্ষী অভিযানকাৰী দলে খেদি খেদি চাৰিওজনক গ্ৰেপ্তাৰ কৰে।
আটক কৰা জুৱাৰীসকলৰ পৰা আৰক্ষীয়ে নগদ ₹৬,২০০, ছটা ম’বাইল ফোন আৰু ছপেকেট টাচ পাত জব্দ কৰিবলৈ সক্ষম হয়।
বৰ্তমান চাৰিওজন জুৱাৰী মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে আৰু এই সম্পৰ্কে অধিক তদন্ত চলি আছে।
লগতে পঢ়ক – ₹১৫,০০০ৰ ভিতৰত কোনটো 5G চমাৰ্টফোন বেছি ভাল?
Leave a Reply