বলিউডৰ জনপ্রিয় অভিনেতা আমিৰ খানৰ ১৯৯৬ চনৰ ব্লকবাষ্টাৰ(blockbuster) ছবি “ৰাজা হিন্দুস্তানী” ক ’সুবিধাজনক নহয়’ বুলি অভিহিত কৰিছে তেওঁৰ ভতিজা তথা অভিনেতা ইমৰান খানে। ২০১৫ চনত মুক্তি পোৱা ‘কটি বটি ( Katti Batti)’ ছবিখন পাছত চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি থকা ইমৰানে Filmfare ৰ সৈতে এটি সাক্ষাৎকাৰত এই মন্তব্য কৰে।
ৰাজা হিন্দুস্তানী চোৱা বৰ সুবিধাজনক নহয়
Table of Contents
ৰাজা হিন্দুস্তানী চোৱা বৰ সুবিধাজনক নহয়
ইমৰানে কয়, “নব্বৈৰ দশকৰ বহু চিনেমা আধুনিক দৃষ্টিকোণৰ পৰা উপযুক্ত নহয়।বিশেষকৈ ৰাজা হিন্দুস্তানী এখন যথেষ্ট সফল চিনেমা আছিল যদিও, আজি এই চিনেমাখন চালে কিছুমান দৃশ্য অতি অসহজ লাগে। তেওঁৰ মতে, এই চিনেমাখনৰ কিছু মুহূর্ত বৰ অস্বাভাৱিক আৰু আধুনিক দৃষ্টিভংগীৰে ভুল যেন লাগে।
ধৰ্মেশ দৰ্শনৰ পৰিচালনাত ৰাজা হিন্দুস্তানী চিনেমাখনত আমিৰ খান আৰু কৰিশ্মা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এজন টেক্সি চালক আৰু এগৰাকী ধনী মহিলাৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনে নব্বৈৰ দশকৰ ব্যৱসায়িকভাৱে সফল ছবিসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছিল।
আমিৰৰ পৰা অনুপ্ৰেৰণা লোৱাৰ কথা
সাক্ষাৎকাৰত ইমৰান খানে লগতে কয় যে তেওঁ জীৱনৰ বহু ক্ষেত্ৰতে আমিৰ খানক অনুসৰণ কৰে। তেওঁ কয়, “মই তেওঁৰ পৰা নৈতিকতা আৰু সত্যতাক মূল্য দিয়াৰ শিক্ষা পাইছোঁ। কেতিয়াবা মই ভাবোঁ — ‘এই সময়ত তেওঁ কি কৰিলেহেঁতেন?’ যদিও আমাৰ দৃষ্টিভংগী ভিন্ন, তথাপিও তেওঁৰ সততা আৰু কৰ্মনীতি মোৰ বাবে এক পথ প্ৰদৰ্শক। মই এতিয়াও সেই শিক্ষাত দৃঢ়তাৰে ধৰি ৰাখিছো। ইমৰান খান জানে তু… য়া জানে না (২০০৮) চিনেমাৰ জৰিয়তে বলিউডত অভিষেক কৰিছিল। কেইমাহমানৰ আগতে তেওঁ কৈছিল যে তেওঁ Disney+ Hotstar ৰ সৈতে এখন স্পাই ছিৰিজত কাম কৰাৰ কথা ভাবিছিল যদিও প্ৰকল্পটো বাতিল কৰা হৈছিল।
“#GoodBadUgly এ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ Cringe moment! যুঁজৰ দৃশ্যবোৰ হাস্যকৰ।” “AjithKumar ফেনবই শ্ব চলি আছে, কিন্তু কাহিনী নাই, মূল উদ্দেশ্য স্পষ্ট নহয়। ধন আৰু সময়ৰ অপচয়।”
“Violence, violence, violence. I like violence. Thala is back” — এই catchline এতিয়া ভাইৰেল হৈ পৰিছে।
উপসংহাৰঃ
‘Good Bad Ugly’ ছবিখনে AjithKumarৰ প্ৰচণ্ড ফেনবেজক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে, যদিও সাধাৰণ দর্শকৰ বাবে কাহিনীত কিছু অভাৱ দেখা গৈছে। তথাপিও সামাজিক মাধ্যমত ছবিখনৰ উন্মাদনা বৰঙনি দিছে যে “Thala is truly BACK”!
মুম্বাইঃ প্ৰখ্যাত অভিনেতা তথা পৰিচালক অয়ন মুখাৰ্জীৰ পিতৃ Dev Mukherjee শুক্ৰবাৰে দেহাৱসান হয়। তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে বলীউডৰ কেইবাজনো নামী ব্যক্তি তেওঁৰ বাসগৃহত উপস্থিত হয় ।
Dev Mukherjee
Table of Contents
দেৱ মুখাৰ্জীক(Dev Mukherjee) শেষ শ্ৰদ্ধা জনোৱাৰ বাবে তাৰকাৰ উপস্থিতি
প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে সৰ্বপ্ৰথম উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে। Dev Mukherjeeক খুৰা বুলি গণ্য কৰা অভিনেত্ৰী কাজলে জয়া বচ্চনৰ কাষ চাপি কান্দি উঠে।
অয়ন মুখাৰ্জীৰ সৈতে বিশেষ সম্পৰ্ক থকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট ,তেওঁলোকেও Dev Mukherjeeৰ শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয়।
সমবেদনা জনোৱা অন্যান্য বিশিষ্ট ব্যক্তি
কৰণ জ’হৰ, আশুতোষ গোৱাৰিকাৰ, ললিত পণ্ডিত, কিৰণ ৰাও আৰু হৃতিক ৰোশনেও Dev Mukherjeeৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।