অসমীয়া চুটি ছবি (Assamese Short Film) জগতত খলকনি তুলিবলৈ সাজো হৈছে এক ব্যক্তিক্রমী চুটি ছবি “প্ৰয়াস” (Effort)। য’ত অভিনয় কৰিব ১২/১৩ বছৰৰ শিশু (ল’ৰা- ছোৱালী) সকলে। প্ৰথম বাৰ AI ৰ দ্বাৰা কাহিনী, সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰা হৈছে। AI য়ে কাহিনীৰ জৰিয়াতে সমাজত সমাজৰ কু- কৰ্ম বিৰোধী সচেতনতা আনিবলৈ চেষ্টা কৰিছে।

Table of Contents
প্ৰয়াস (EFFORT) – A Assamese Short Film ৰ বিশেষ
অসমীয়া চুটি ছবি (Assamese Short Film) “প্ৰয়াস” ৰ কাহিনী, সংলাপ আৰু চিত্ৰনাট্য ৰচনা AI দ্বাৰা কৰা হৈছে যদিও অভিনয় ক্ষেত্ৰত কলা কুশলী লোৱাৰ চেষ্টা কৰি থকা হৈছে। ছবি খনৰ ছুটিং যোৰহাটত কৰা হ’ব। বিশেষ সূত্ৰৰ মতে, কলা কুশলী নিৰ্বাচনৰ কাম এতিয়াও শেষ হোৱা নাই। উপযুক্ত চৰিত্ৰ বিচাৰি এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। অডিচন এতিয়াও চলি আছে। যিহেতু ছবি খনত শিশু শিল্পী সকলেই মুখ্য চৰিত্ৰ বহন কৰিব।
Assamese Short Film ৰ পৃথিৱীত “প্ৰয়াস”ৰ বৃহৎ খোজ
“প্ৰয়াস” মাত্ৰ এখন অসমীয়া চুটি ছবি নহয়। বৰ্তমান সময়ত যি দৰে বিবিধ প্ৰযুক্তি বাঢ়িছে যেন ঘৰৰ শুৱা পাতিৰ পৰা সকলো কাম মাত্ৰ এটা তিপাতে কৰিব পাৰি। কিন্তু সমান্তৰাল ভাবে এই প্ৰযুক্তিয়ে বিপদাটো পেলায়। কিন্তু যদি শুদ্ধ পথ ব্যৱহাৰ কৰা হয় এই প্ৰযুক্তিয়ে জীয়াই থকাৰ উৎসও হ’ব পাৰে। প্ৰয়াস (EFFORT) চুটি ছবি খনত তাকে দেখুওৱাৰ প্ৰয়াস কৰা হৈছে। ছবি খনৰ নিৰ্মান কাৰ্য্যত যোৰহাটৰ RADMA DIGITAL MARKETING AGENCY ৰ সহযোগিতা অপৰিসীম লগতে অসমীয়া ছবি জগতৰ সুদক্ষ অভিনেতা/বিচাৰক সুৰজ শইকীয়া, ফেশ্বন শ্ব’ৰ আয়োজক/পৰিচালক মিণ্টো ভৰালী আৰু ফেশ্বন শ্ব’ৰ বিচাৰক শেৱালী শৰ্মাৰ চেষ্টা লেখত ল’ব লগীয়া। ছবি খনৰ নিৰ্দেশনাত আছে নিৰ্দেশক উত্তম কুমাৰ। সম্পাদনত আছে দিব্য শইকীয়া আৱাস সংগীতত আছে পল্লৱ ভট্টাচাৰ্য চিত্ৰগ্ৰহণ কৰিব ধন বৰা আৰু কাৰিকৰী ক্ষেত্ৰত বিদ্যুৎ বৰা।
প্ৰয়াস (EFFORT)-A Assamese Short Film ৰ কাহিনী
প্ৰয়াস-অসমীয়া চুটি ছবিৰ কাহিনী এটিও মুকলি কৰা হোৱা নাই যদিও প্ৰয়াস (EFFORT) ৰ অনুষ্ঠানিক ভাবে মুকলি কৰা প’ষ্টাৰ খনে বহু কথাই কৈ যায়। এটা সৰু ল’ৰা তাৰ পাছে পাছে পুলিচৰ এখন গড়ী। ল’ৰাটো যেন কিবা অপৰাধত লিপ্ত হৈ পুলিচৰ ভয়ত পলাইছে। “EFFORT” শব্দটোত “O” মাজত লুকাই থকা সৰু কেপচুলৰে যেন বুজাবলৈ চেষ্টা কৰা হৈছে যেন ই এটা ড্ৰাগছৰ সতে জৰিত থকা এখন অসমীযা চুটি ছবি। যি কি নহওঁক ছবি খন মুক্তি পুৱাৰ পাছত আমি বোৰে বুজি পাম। আশা কৰো ছবি খন Assamese Short Film ৰ জগতত মাইলৰ খুটি হৈ ৰওঁক।