মুম্বাইঃ প্ৰখ্যাত অভিনেতা তথা পৰিচালক অয়ন মুখাৰ্জীৰ পিতৃ Dev Mukherjee শুক্ৰবাৰে দেহাৱসান হয়। তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে বলীউডৰ কেইবাজনো নামী ব্যক্তি তেওঁৰ বাসগৃহত উপস্থিত হয় ।

Table of Contents
দেৱ মুখাৰ্জীক(Dev Mukherjee) শেষ শ্ৰদ্ধা জনোৱাৰ বাবে তাৰকাৰ উপস্থিতি
প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে সৰ্বপ্ৰথম উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে। Dev Mukherjeeক খুৰা বুলি গণ্য কৰা অভিনেত্ৰী কাজলে জয়া বচ্চনৰ কাষ চাপি কান্দি উঠে।
অয়ন মুখাৰ্জীৰ সৈতে বিশেষ সম্পৰ্ক থকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট ,তেওঁলোকেও Dev Mukherjeeৰ শেষ শ্ৰদ্ধা জনাবলৈ উপস্থিত হয়।
সমবেদনা জনোৱা অন্যান্য বিশিষ্ট ব্যক্তি
কৰণ জ’হৰ, আশুতোষ গোৱাৰিকাৰ, ললিত পণ্ডিত, কিৰণ ৰাও আৰু হৃতিক ৰোশনেও Dev Mukherjeeৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
দেৱ মুখাৰ্জী—বলীউডৰ এগৰাকী প্ৰখ্যাত পৰিচালক আৰু অভিনেতা
কানপুৰত জন্মগ্ৰহণ কৰা Dev Mukherjee আছিল মুখাৰ্জী পৰিয়ালৰ অন্যতম সদস্য, যি ১৯৩০ ৰ পৰা বলীউডত নিজৰ এক উজ্জ্বল ইতিহাস গঢ়ি তুলিছে। তেওঁৰ মাতৃ সতীদেৱী আছিল প্ৰসিদ্ধ অভিনেতা আশোক কুমাৰ, অনুপ কুমাৰ আৰু কিশোৰ কুমাৰৰ একমাত্ৰ ভগ্নী। তেওঁৰ ভাতৃ জয় মুখাৰ্জী আছিল এগৰাকী জনপ্ৰিয় অভিনেতা, আৰু অন্য এজন ভাতৃ, পৰিচালক চমু মুখাৰ্জীয়ে বলীউড তাৰকা তনুজাক বিবাহ কৰিছিল। কাজল আৰু ৰাণী মুখাৰ্জী Dev Mukherjeeৰ ভতিজী।
Dev Mukherjee ৰ ব্যক্তিগত জীৱন আৰু বলীউডৰ অৱদান
Dev Mukherjeeয়ে দুবাৰ বিবাহ কৰিছিল। তেওঁৰ প্ৰথম বিবাহৰ পৰা কন্যা সুনিতা, যি পৰিচালক আশুতোষ গোৱাৰিকাৰৰ পত্নী। দ্বিতীয় বিবাহৰ পৰা পুত্ৰ অয়ন মুখাৰ্জী।
তেওঁৰ বলীউডৰ যাত্ৰাত “Sampark”, “Adhikar”, “Zindagi Zindagi”, “Hewan”, “Mai Tulsi Ter Aangan Ki”, “Karate”, “Bato Bato Me”, “Jo Jeeta Ohi Sikandar” আদি বহুতো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰিছিল।
দেৱ মুখাৰ্জীৰ অকাল মৃত্যুত শোকৰ গভীৰ ছাঁ পৰিছে বলীউড জগতত।
লগতে পঢ়ক – Gauri Spratt কোন? বলিউড চুপাৰষ্টাৰ আমিৰ খানৰ নতুন সংগীৰ সকলো তথ্য
Leave a Reply