অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষালাভ নিশ্চিত কৰিবলৈ “মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ২০২৫” আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত, উচ্চ শিক্ষালাভৰ উদ্দেশ্যে আৰ্থিক সহায় আগবঢ়োৱা হ’ব। অসম চৰকাৰে এই আঁচনিৰ বাবে ২৪০ কোটি টকাৰ বাজেট মঞ্জুৰ কৰিছে আৰু ১০ লাখ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

Table of Contents
মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ২০২৫ৰ মূল উদ্দেশ্য:
- ছাত্ৰীসকলৰ শিক্ষাৰ উন্নয়ন নিশ্চিত কৰা।
- উচ্চ শিক্ষালাভৰ বাবে অৰ্থিক সহায় আগবঢ়োৱা।
- অসমত শিশু বিবাহ ৰোধ কৰা।
- ১০ লাখ ছাত্ৰীক উপকৃত কৰা।
আৰ্থিক সহায়:
- একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলক ₹১০,০০০।
- স্নাতক প্ৰথম বছৰত নামভৰ্তি কৰা ছাত্ৰীসকলক ₹১২,৫০০।
- স্নাতকোত্তৰ প্ৰথম বছৰত নামভৰ্তি কৰা ছাত্ৰীসকলক ₹১৫,০০০।
মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ২০২৫ৰ যোগ্যতা:
- আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- কেৱল ছাত্ৰীসকল এই আঁচনিৰ সুবিধা পাব।
- বিবাহিত ছাত্ৰীসকল এই আঁচনিত অন্তৰ্ভুক্ত নহ’ব।
- চৰকাৰী বা চৰকাৰী অনুমোদিত শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰীসকলহে এই সুবিধা লাভ কৰিব।
- MP, MLA কন্যাসকল এই আঁচনিৰ অধীনত আবেদন কৰিব নোৱাৰে।
- B.Ed পাঠ্যক্রমত অধ্যয়ন কৰা ছাত্ৰীসকল অযোগ্য।
প্ৰয়োজনীয় নথিপত্র:
- আধাৰ কাৰ্ড
- বেংক পাছবুক
- স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ
- মোবাইল নম্বৰ
- দশম শ্ৰেণীৰ উত্তীৰ্ণৰ নম্বৰ পত্ৰ
- জাতি প্ৰমাণ পত্ৰ (যদি থাকে)
- আয় প্ৰমাণ পত্ৰ
- পূৰ্ববৰ্তী শিক্ষাৰ নম্বৰ পত্ৰ
- পাছপৰ্ট আকাৰৰ ফটো
- স্বাক্ষৰ
- আবেদন প্ৰপত্ৰৰ লিংক ইয়াত ক্লিক কৰক
- অফিচিয়েল গাইডলাইন ইয়াত ক্লিক কৰক
মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ২০২৫ আবেদনৰ প্ৰক্ৰিয়া (অনলাইন/অফলাইন)
অসম চৰকাৰে এতিয়ালৈকে এই আঁচনিৰ বাবে কোনো অফিচিয়েল ৱেবছাইট মুকলি কৰা নাই। যেতিয়া ওয়েবছাইট উপলব্ধ হ’ব, তেতিয়া আবেদনকাৰীসকলে তলত দিয়া ধৰণে আবেদন কৰিব পাৰিব:
- অফিচিয়েল ৱেবছাইটত লগইন কৰক।
- Apply Online বুটামত ক্লিক কৰক।
- নিজৰ নাম, পিতৃৰ নাম, জন্ম তাৰিখ আদিৰ তথ্য ভৰ্তি কৰক।
- ঠিকনা আৰু শিক্ষাগত অৰ্হতা দিয়ক।
- শ্ৰেণী নিৰ্বাচন কৰক, য’ত নামভৰ্তি কৰিছে।
- প্ৰয়োজনীয় নথিপত্র আপলোড কৰক।
- Final Submit বুটামত ক্লিক কৰক।
আবেদনৰ স্থিতি কেনেকৈ চাব?
- অফিচিয়েল ৱেবছাইটত যাওক।
- Track Application অপশ্বনত ক্লিক কৰক।
- Application Reference Number দিয়ক।
- Track বুটামত ক্লিক কৰি আবেদন স্থিতি চাওক।
এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিয়ে অসমৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন দিশ খুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।
Leave a Reply