অসম লোকসেৱা আয়োগ (APSC) এ পৰিবহন বিভাগৰ অন্তৰ্গত পৰিবহন পৰিদৰ্শক (Enforcement Inspector) পদৰ বাবে ২০২৫ বৰ্ষৰ লিখিত পৰীক্ষাৰ প্রবেশ পত্ৰ (Admit Card) ১৭ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে মুকলি কৰিছে। সকলো আবেদনকাৰীয়ে আয়োগৰ ৱেবছাইট apsc.nic.in ৰ জৰিয়তে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনল’ড কৰিব পাৰিব।

Table of Contents
APSC Admit Card 2025 Out: পৰীক্ষাৰ তাৰিখ আৰু সময়সূচী
APSC পৰিবহন পৰিদৰ্শক (Enforcement Inspector) পদৰ বাবে লিখিত পৰীক্ষা ২৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে অনুষ্ঠিত হ’ব। পৰীক্ষা ৰাজ্যজুৰি ১০:০০ বজাত আৰম্ভ হৈ ১২:০০ বজালৈ চলিব। এই পৰীক্ষাত মুঠ ৩২১৭৩ গৰাকী প্ৰাৰ্থীক অংশগ্ৰহণৰ বাবে আবেদন কৰিছে।
APSC পৰিবহন পৰিদৰ্শক এডমিট কাৰ্ড ২০২৫ কেনেকৈ ডাউনলোড কৰিব?
আপোনাৰ APSC Admit Card 2025 ডাউনলোড কৰিবলৈ নিম্নলিখিত পদক্ষেপ অনুসৰণ কৰক-
- চৰকাৰী ৱেবছাইট: প্ৰথমে APSC ৰ ৱেবছাইটলৈ যাওক apsc.nic.in
- এডমিট কাৰ্ড লিংকত ক্লিক কৰক: Homeপেজত উপলব্ধ “Download e-Admission Certificate for Screening Test” লিংকত ক্লিক কৰক।
- লগিন কৰক: আপোনাৰ Application Number/Roll Number আৰু জন্ম তাৰিখ (DOB) type কৰক।
- এডমিট কাৰ্ড ডাউনলোড কৰক: তথ্য সমূহ সঠিকভাবে type কৰাৰ পিছত, Print Admit Card বুটামত ক্লিক কৰক।
- প্ৰিণ্টআউট লওক: ভবিষ্যৎ ব্যৱহাৰৰ বাবে এডমিট কাৰ্ডৰ প্ৰিণ্ট আউট লৈ ৰাখক।
APSC পৰিবহন পৰিদৰ্শক এডমিট কাৰ্ডত কি কি তথ্য থাকিব?
এডমিট কাৰ্ডত নিম্নলিখিত গুৰুত্বপূর্ণ তথ্য উপলব্ধ থাকিব-
- প্ৰাৰ্থীৰ নাম
- দেউতাৰ নাম
- ৰোল নম্বৰ
- পৰীক্ষাৰ স্থান (Exam Venue)
- পৰীক্ষাৰ সময় (Exam Time)
প্ৰাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে যে, যদি কোনো তথ্যত ভুল থাকে, তেন্তে অবিলম্বে APSC কৰ্তৃপক্ষক জনাব।
APSC পৰীক্ষাৰ গুৰুত্বপূর্ণ জাননী
- কোনো প্ৰাৰ্থীক ডাক যোগে এডমিট কাৰ্ড প্ৰেৰণ কৰা নহ’ব।
- প্ৰাৰ্থীসকলে নিজৰ e-Admission Certificate নিজে ডাউনলোড কৰিব লাগিব।
- কোনো অযোগ্য প্ৰাৰ্থীৰ আবেদন যদি পিচত পৰীক্ষাৰ সময়ত বাতিল হয়, তেন্তে APSC সেই অধিকাৰ সংৰক্ষণ কৰিব।
- PwBD প্ৰাৰ্থীসকলে যদি স্ক্ৰাইব (Scribe) ব্যৱহাৰৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত APSC ৰ মেইল (apsc_asm@nic.in) যোগে জনাব লাগিব।
APSC পৰিবহন পৰিদৰ্শক (EI) পদৰ লিখিত পৰীক্ষাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰাৰ্থীসকলে 17 ফেব্ৰুৱাৰী, ২০২৫ তাৰিখৰ পৰা নিজৰ APSC Admit Card 2025 ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলক পৰীক্ষাৰ দিনা নিজৰ এডমিট কাৰ্ড আৰু কোনো চৰকাৰী পৰিচয় পত্ৰ লগত ৰাখিবলৈ অনুৰোধ কৰা হৈছে। অধিক তথ্যৰ বাবে apsc.nic.in ৱেবছাইটত চাওক।
অধিক তথ্যৰ বাবে চৰকাৰী ৱেবছাইটলৈ যাওক: apsc.nic.in
লগতে এইটোও পঢ়ক:
BHEL Recruitment 2025: BHELত 400 টা পদৰ চৰকাৰী চাকৰিৰ বাবে জানক কিদৰে আবেদন কৰিব।
Leave a Reply