মাঞ্চেষ্টাৰ ইউনাইটেডৰ আৰ্জেণ্টাইন ফৰৱাৰ্ড আলেজান্দ্ৰো গাৰ্নাচো (Alejandro Garnacho)ই বিতৰ্কৰ সৃষ্টি কৰিছে, যেতিয়া তেওঁক বদলি কৰাৰ পিছত তেওঁ প্ৰত্যক্ষভাৱে টানেললৈ গুচি গৈছিল। ইংলিছ প্ৰিমিয়াৰ লীগৰ মেচত ইপছৱিচ টাউন(Ipswich Town)ৰ বিৰুদ্ধে এই ঘটনাটোৱে সমালোচনাৰ সৃষ্টি কৰে।

ৰেড ডেৱিলছক ১০ জন খেলুৱৈলৈ নমায় অনা হৈছিল, যেতিয়া ৪৩তম মিনিটত পেট্ৰিক ডৰগুৱে অমাৰি হাচিনচনৰ ওপৰত কৰা ফাউলৰ বাবে ৰেড কাৰ্ড পায়। মেনেজাৰ ৰুবেন আমোৰিমে দলটোক পুনৰ্গঠন কৰিবলৈ Alejandro Garnachoক বদলি কৰি নৌছেইৰ মাজৰাউইক সোমোৱায়। এই সিদ্ধান্তত Garnacho অসন্তুষ্ট হোৱা যেন লাগিছিল।
বদলি হোৱাৰ পিছত, ২০ বছৰীয়া ফৰৱাৰ্ডজনে ডাগআউটলৈ নগৈ প্ৰত্যক্ষভাৱে টানেললৈ গুচি গৈছিল। ইয়াক কিছু ফেনে খেলুৱৈ আৰু মেনেজাৰৰ মাজত মতানৈক্যৰ ইংগিত বুলি ব্যাখ্যা কৰিছে। পিছত Garnachoৰ ইন্সটাগ্ৰাম ষ্ট’ৰীত তেওঁ নাকত হাত থকা ফটো পোষ্ট কৰে, যিয়ে বিতৰ্কক আৰু উত্কট কৰে।
অৱশ্যে, Alejandro Garnachoই পিছত কয় যে তেওঁ বৰষুণত ভিজি যোৱাৰ পিছত চাৰ্ট সলাবলৈ সিদ্ধান্ত লৈছিল। কিন্তু মেনেজাৰ ৰুবেন আমোৰিমে এই কাৰ্য্যত অসন্তুষ্ট হৈছিল। তেওঁ কয়, “বৰষুণ আৰু ঠাণ্ডা আছিল। মই ৫-৩-১ ফৰ্মেশ্বনলৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। Garnachoক বদলি কৰাটো মোৰ পছন্দ আছিল। মই তেওঁৰ সৈতে এই বিষয়ে কথা পাতিম।”
ইউনাইটেডে মেচটো জিকাৰ লাভ কৰে, য’ত ডিফেণ্ডাৰ হেৰি মেগুৱাইৰে দ্বিতীয়াৰ্ধৰ দুই মিনিটত বিজয়ী গ’ল কৰে।