বলিউড চুপাৰষ্টাৰ চালমান খানে অভিনীত এক্সন-ড্ৰামা ‘Sikandar’ লৈ অনুৰাগী তথা চিনেমা উদ্যোগত ব্যাপক উৎসাহ দেখা গৈছে। এই চিনেমাখনৰ পৰিচালনা কৰিছে দক্ষিনী সুপৰিচিত নিৰ্মাতা এ আৰ মুৰুগাদছে, য’ত ৰশ্মিকা মন্দান্না মুখ্য চৰিত্ৰত আছে, আৰু কাজল আগৰৱালে বিশেষ ভূমিকাত অংশগ্ৰহণ কৰিছে।
কেই সপ্তাহমান আগতে ‘Sikandar’ চিনেমাখনৰ টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰা, এক জল্পনা চলি আছিল যে এ আৰ মুৰুগাদস চালমান খানৰ সৈতে তেওঁৰ ২০১৮ চনৰ ‘সিকন্দৰ’ চিনেমাখনৰ পুনৰ্নিমাণ (remake) কৰিছে। উল্লেখযোগ্য যে ‘সিকন্দৰ’, য’ত দক্ষিণী তাৰকা বিজয় আৰু কীৰ্তি সুৰেশ অভিনয় কৰিছিল, বক্স অফিচত মিশ্র প্ৰতিক্ৰিয়া পাইছিল। সেইবাবে, সিকন্দৰ এই চিনেমাখনৰ ৰিমেক হব বুলি শুনি চালমান খানৰ অনুৰাগী সকল হতাশ হৈছে।
কিন্তু, সাম্প্ৰতিক এখন সাক্ষাৎকাৰত, এ আৰ মুৰুগাদস স্পষ্টকৈ কৈছে যে, ‘সিকন্দৰ’ কোনো চিনেমাৰ পুনৰ্নিমাণ (remake) নহয়, বৰঞ্চ সম্পূৰ্ণ মৌলিক কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। পৰিচালকৰ এই মন্তব্যই চালমানৰ অনুৰাগী সকলৰ শংকা দূৰ কৰিছে, আৰু এতিয়া এই ঈদত চালমানক স্ক্ৰিণত দেখিবলৈ উত্তেজনা বাঢ়িছে।
সাজিদ নাদিয়াদৱালাৰ নিৰ্মাণত ‘Sikandar’ ৩০ মাৰ্চ মুক্তি পাব বুলি নিৰ্ধাৰণ কৰা হৈছে।
Leave a Reply