যোৰহাট, এৰালতলী: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’বলগীয়া যোৰহাটৰ ম’হবন্ধাৰ এৰালতলী পথাৰত আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হৈছে। লক্ষাধিক ভক্তৰ সমাগমৰ বাবে অধিৱেশনস্থলীত মাজনিশাৰ পৰাই চলি আছে ব্যাপক প্ৰস্তুতি। নিশা ২ বজাৰ পৰাই এক লাখ ভক্ত বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ স্থান
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন
স্থান: এৰালতলী পথাৰ, ম’হবন্ধা, যোৰহাট, অসম, ভাৰত
অধিৱেশনস্থলীত লাখ লাখ ভক্তক খাদ্য পৰিৱেশন কৰাৰ বাবে একেলগে জ্বলি আছে ২০০টা চৌকা। বৃহৎ অস্থায়ী ৰান্ধনী শালত দৈনিক প্ৰায় ৭ হাজাৰ কিলোগ্ৰাম চাউল, ১ হাজাৰ কিলোগ্ৰাম দাইল আৰু ৩৫০০ কেজি পাচলি ব্যৱহাৰ কৰি ভক্ত-সেৱা চলি আছে। একেলগে ৯০ কেজি দাইল ৰান্ধিবৰ বিশেষ কেৰাহী প্ৰস্তুত কৰা হৈছে।
বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ১২ বিঘা ভূমিৰ ওপৰত প্ৰায় ১০ হাজাৰ সেৱক-সেৱিকাই ভক্ত বৈষ্ণৱসকলক আপ্যায়ন কৰাৰ বাবে নিয়োজিত হৈছে। দহ হাজাৰ লোকৰ একেলগে ভোজন কৰিবলৈ অস্থায়ী ভোজনালয় নিৰ্মাণ কৰা হৈছে, য’ত প্ৰতি দিনৰ কাৰণে প্ৰায় ২ লাখ ভক্তক খাদ্য প্ৰদান কৰা হ’ব।
বুধবাৰে অধিৱেশনস্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা। তেওঁ উপস্থিত হোৱাৰ লগে লগে সংঘৰ যুৱ বাহিনী আৰু আইমাতৃসকলে গৰম উষ্ম আদৰণি জনায়। সমগ্ৰ অধিৱেশনস্থলীত হৰি নামৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হৈছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ জৰিয়তে যোৰহাটত আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত শংকৰ-মাধৱৰ সৃষ্টিৰাজি, সাহিত্য, কৃষ্টি-সংস্কৃতিৰ লগতে আধ্যাত্মিক চর্চা অনুষ্ঠিত হ’ব। লক্ষাধিক ভক্ত-বৈষ্ণৱক আপ্যায়ন কৰাৰ বাবে প্ৰস্তুত হৈছে বিশাল ৰান্ধনীশাল আৰু ভোজনালয়। সমগ্ৰ যোৰহাটত বৰ্তমান শংকৰ সংঘৰ অধিৱেশনক লৈ গভীৰ উৎসাহ আৰু আকৰ্ষণ দেখা গৈছে।